নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ভুৱা আইনজীৱীক ৬ মাহৰ সশ্ৰম কাৰাদণ্ড

কাছাৰত এইবাৰ এগৰাকী ভুৱা আইনজীৱীক ৬ মাহৰ সশ্ৰম কাৰাদণ্ড বিহিলে আদালতে। কাৰাদণ্ড বিহা ভুৱা আইনজীৱীজন কাছাৰৰ সোনাই চৈদপুৰৰ আলতাফ হুছেইন বৰভূঞা।

২০০৮ চনত আলতাফ হুছেইনৰ জালিয়াতি প্ৰকাশ পাইছিল। কৰিমগঞ্জ কলেজৰ এলএলবিৰ ভুৱা চাৰ্টিফিকেট লৈ আলতাফ হুছেইনে কাছাৰত আইনৰ বেহা চলাই গৈছিল।

তেওঁৰ এই জালিয়াতিৰ বিষয়ে অৱগত হোৱাৰ পাছত শিলচৰ এডভোকেটছ বাৰ এচোচিয়েছনে তেওঁৰ বিৰুদ্ধে আৰক্ষী চকীত ৰুজু কৰিছিল এটা গোচৰ।

আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ পাছত এই গোচৰৰ আদালত আৰম্ভ হয় বিচাৰ প্ৰক্ৰিয়া। দীৰ্ঘ প্ৰায় ১৭ বছৰ আদালতত বিচাৰ প্ৰক্ৰিয়া চলাৰ পাছত যোৱা শনিবাৰে আদালতে ৰায়দান ঘোষণা কৰে। আৰু ভুৱা আইনজীৱী আলতাফ হুছেইনক দোষী সাব্যস্ত কৰি আদালতে ৬ মাহৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে।

ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ

You might also like