নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ বছৰে মেৰামতি নহ’ল গ্রাম্য পথ, পথ এৰি পথাৰেৰে যাতায়াত ১নং টুপামাৰীবাসীৰ

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২ ডিচেম্বৰ : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ১নং টুপামাৰী আৰু টুপামাৰী সংযোগী সদাব্যস্ত এটি গ্ৰাম্য পথ আজিলৈকে নিৰ্মাণ নোহোৱাত বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ গঞা ৰাইজে উপায়হীন হৈ খেতিপথাৰৰ মাজেৰে যথেষ্ট কষ্টেৰে যাতায়াত কৰিবলগীয়া হৈছে ৷ বিগত ৫টা বছৰে গুৰুত্বপূৰ্ণ পথটিত এপাচি মাটি পৰ্যন্ত নপৰিল, যাৰ বাবে পথটি দিনকদিনে বিধ্বস্ত হৈ পৰিছে ৷

ইপিনে, পথটিৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে গাড়ী, মটৰ চাইকেল কিম্বা বাইক আৰোহীয়ে যাতায়াত কৰিব নোৱাৰে ৷ উল্লেখিত পথটি মেৰামতি কৰিবলৈ সংশ্লিষ্ট বিভাগ, চৰকাৰ, স্থানীয় বিধায়িকা নন্দিতা দাসক বাৰম্বাৰ আবেদন জনালে যদিও আজিলৈকে উক্ত পথত এপাচি মাটিও নপৰা বুলি ৰাইজৰ অভিযোগ ৷ যাৰ ফলত দিনকদিনে পথচাৰী, গাড়ী-মটৰ চলিব নোৱাৰা অৱস্থাৰ সৃষ্টি হ’ল। স্থানীয় কংগ্ৰেছী বিধায়িকা নন্দিতা দাস, লোকনির্মাণ বিভাগৰ বৰমূৰীয়াসকলৰ লগতে বিভিন্নজনক লগ ধৰি ৰাইজে উক্ত সমস্যাক লৈ বিগত পাঁচটা বছৰে একাধিকবাৰ আবেদন-নিবেদন কৰিলে যদিও সদাব্যস্ত উক্ত পথটি সামান্য মেৰামতিৰ বাবে কিন্তু সকলো নির্বিকাৰ। উক্ত পথটিত এটা কালভাৰ্টো আছে যদিও একমাত্ৰ মেৰামতিৰ অভাৱত দিনকদিনে জহি-খহি যাব ধৰিছে ৷ বিধায়িকা নন্দিতা দাসে পথছোৱা উন্নীতকৰণৰ সদিচ্ছা নেদেখুৱালে বুলিও একাংশৰ অভিযোগ |

উল্লেখ্য যে ১নং টুপামাৰীৰ পৰা টুপামাৰী কঢ়িতলা বজাৰ সংযোগী উক্ত পথটি শেহতীয়াকৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে । সেইবাবে উক্ত পথ এৰি এতিয়া জনসাধাৰণে পথাৰৰ মাজেৰে যাতায়াত কৰিবলৈ লৈছে। শীঘ্ৰে পথটি আহল-বহল কৰি মাটি পেলাই ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ, সংশ্লিষ্ট বিভাগক দাবী জনাইছে ৰাইজে ৷

You might also like