ৰঙাঘৰলৈ নৰপিশাচ কমলাকান্ত… কৰিলে এই কু-কাণ্ড
ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰীক কু-কৰ্ম কৰি ৰঙাঘৰৰ আলহী হল ৫০ উৰ্ধৰ কমলাকান্ত ৰায় ওৰফে কমলা। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ বাটত নৰপিশাচ কমলাকান্তই কিশোৰীগৰাকীক বাটত আগiচি ধৰি কু-কৰ্ম কৰে বুলি জানিব পৰা গৈছে।
কিশোৰীগৰাকী কান্দি কান্দি ঘৰত গৈ সকলো কথা কোৱাৰ পিছততে পৰিয়ালৰ লোকে গোলকগঞ্জ থানাত খৱৰ দিয়ে।
গোলকগঞ্জ আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে ৰাইজৰ সহযোগত নৰপিশাচ কমলাকান্ত ৰায় ওৰফে কমলাক আটক কৰি থানালৈ আনে।
নৰপিশাচ কমলাকান্ত ৰায় ওৰফে কমলা গোলকগঞ্জৰ উত্তৰ টোকৰেৰছৰা প্ৰথম খণ্ডৰ ভূপেন্দ্ৰ ৰায়ৰ পুত্ৰ। ইতিমধ্যে অসুস্থ হৈ পৰা কিশোৰীগৰাকীক ইতিমধ্যেই ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ প্ৰেৰণ কৰিছে।
ডিজিটেল ডেস্ক, ৩ ডিচেম্বৰ