নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ মহামাৰী ক’ৰোনা ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে । ইয়াৰ বাবে প্ৰয়োজন হৈছে বৃহৎ পুঁজিৰ । ইতিমধ্যে দেশৰ বহু সংগঠনৰ লগতে ব্যক্তিগত ভাৱে বিভিন্নজনে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ধন আগবঢ়াইছে ।
মঙলবাৰে ক’ৰোনাৰ বিৰুদ্ধে চলা যুঁজখনলৈ প্ৰধানমন্ত্ৰী মোদীৰ মাতৃ হীৰা বেনেও তেওঁৰ ব্যক্তিগত একাউণ্টৰ পৰা ২৫ হাজাৰ টকাৰ অনুদান আগবঢ়াইছে ।
Prime Minister Narendra Modi’s mother Hiraba donates Rs 25,000 from her personal savings to #PMCARES Fund. #COVID19 (File pic) pic.twitter.com/N1Z9G1B31C
— ANI (@ANI) March 31, 2020
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ জনসাধাৰণক সহায়ৰ আহ্বান কৰিছিল ।