ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০-২১ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণে ৰাজ্যৰ বাবে উন্নয়নমূলক সুখবৰ কঢ়িয়াই আনিব। বুধবাৰে এই সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কইনাধৰাত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়।
এই ভ্ৰমণৰ বিশেষ আকৰ্ষণ হ’ব গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন সমন্বিত টাৰ্মিনেল ভৱনৰ আনুষ্ঠানিকভাৱে উদ্বোধন। দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন সমন্বিত টাৰ্মিনেল ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে আন বহু গুৰুত্বপূৰ্ণ প্ৰকল্পৰো শুভাৰম্ভ কৰিব।
নতুন বিমানবন্দৰ টাৰ্মিনেলটোৱে যাত্ৰীসকলৰ বাবে যাতায়াত অধিক দ্ৰুত, সুচাৰু আৰু সুবিধাজনক কৰি তুলিব। ইয়াৰ ফলত বিমানবন্দৰৰ বাৰ্ষিক যাত্ৰী ক্ষমতা ৩৪ লাখৰ পৰা বৃদ্ধি পাই ১৩১ লাখ হ’বগৈ বুলি ধাৰণা কৰা হৈছে। টাৰ্মিনেলৰ নক্সাত অসমৰ সৌন্দৰ্যক প্ৰতিফলিত কৰা হৈছে– কপৌ ফুলৰ আৰ্হি, স্কাই ফৰেষ্টৰ বৈশিষ্ট্য আৰু পৰম্পৰাগত গামোচাৰ থীমেৰে সজোৱা হৈছে আভ্যন্তৰীণ অংশ। আধুনিক নিৰাপত্তা ব্যৱস্থা আৰু ডিজি যাত্ৰা ই-গেটৰ দ্বাৰা যাতায়াত অধিক সহজ আৰু আধুনিক হৈ পৰিব।
উক্ত দিনটোতে প্ৰধানমন্ত্ৰী মোদীয়ে গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি এটাও উন্মোচন কৰিব। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আৰু স্বাধীন ভাৰত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহান ব্যক্তিগৰাকীৰ প্ৰতি এয়া হ’ব শ্ৰদ্ধাঞ্জলি।
ইয়াৰ পিছদিনা অৰ্থাত ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে নামৰূপত এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই বিশাল সাৰ কাৰখানাটোৰ বাৰ্ষিক উৎপাদন ক্ষমতা হ’ব ১২.৭ লাখ মেট্ৰিক টন। উল্লেখ্য যে এই ভ্ৰমণসূচীৰ দুয়ো দিনতে গুৱাহাটী আৰু নামৰূপত ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব মোদীয়ে।
প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত উচ্চ পৰ্যায়ৰ বৈঠকত নিৰাপত্তা, জনসমাগম আৰু অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে। এই বৈঠকত আৰক্ষী-প্ৰশাসন আৰু অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল। মুখ্যমন্ত্ৰীয়ে সকলো বিভাগক নিখুঁত সমন্বয় ৰক্ষা কৰি প্ৰতিটো কাৰ্যসূচী সফল কৰি তোলাৰ নিৰ্দেশ দিয়ে।