অসমৰ আদালতত এবছৰতে বৃদ্ধি ৪৬,৯৫১টা অপৰাধ-মূলক গোচৰ
ৰাজ্যসভাত কেন্দ্রীয় আইন–ন্যায় মন্ত্রী মেঘৱালৰ উদ্বেগজনক তথ্য, বাঢ়িছে অসামাজিক গোচৰৰ সংখ্যাও, নিম্ন আদালত–হাইক’ৰ্টত, অমীমাংসিত হৈ আছে ৬,২০,২৪৩টা ‘কেছ’, পূৰণ হোৱা নাই ন্যায়াধীশৰ ২৪ পদ
লাখ লাখ গোচৰত ভাৰাক্ৰান্ত অসমত ব্যাপক ভাবে বৃদ্ধি পাইছে অপৰাধ প্ৰবণতা। চলিত বছৰৰ ১ ডিচেম্বৰলৈকে অসমৰ বিভিন্ন আদালতত (জিলা আৰু ইযাৰ অধীনস্থ আদালত) ৰজু হৈ থকা গোচৰৰ সংখ্যা আছিল ৪,৪৪,০০৬টা।
যোৱা বছৰ উক্ত কালছোৱাত ৰজু আছিল ৩,৯৭,০৫৫টা গোচৰ। অৰ্থাত এবছৰত অসমত অপৰাধমূলক গোচৰৰ সংখ্য়া বৃদ্ধি পাইছে ৪৬,৯৫১টা। ৰাজ্যসভাত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অসমৰ বাবে অতি উদ্বেগজনক এই তথ্য দাঙি ধৰিছে।
সদনৰ প্ৰশ্নোত্তৰকালত বিজেপি সাংসদ নীৰজ শেখৰে দেশৰ ন্যায়ব্যৱস্থাকলৈ উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত বিভাগীয়মন্ত্ৰীজনে প্ৰদান কৰা তথ্য অনুসৰি যোৱা এবছৰত অনপৰাধ তথা অসামৰিক গোচৰৰ সংখ্যাও ৰাজ্যখনত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
যোৱা বছৰ ১ ডিচেম্বৰত ৰাজ্যৰ বিভিন্ন আদালতত ৰজু হৈ থকা অসামৰিক গোচৰৰ সংখ্যা আছিল ১,০৬,১৫৭টা। চলিত বছৰৰ ১ ডিচেম্বৰত এই সংখ্যা বৃদ্ধি পাই হৈছে ১,১২,৬৯৮টা। অৰ্থাত এবছৰত ৫,৫৪১টা অসামৰিক গোচৰৰ সংখ্যা বৃদ্ধি পাইছে।
এফালে যিদৰে অপৰাধ প্ৰবণতা বৃদ্ধি পাইছে ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ আদালতসমূহও গোচৰৰ ভাৰত কুব্জ হৈ পৰিছে। মন্ত্ৰী মেঘৱালে প্ৰদান কৰা তথ্য অনুসৰি চলিত মাহৰ প্ৰথম দিনটোত অসমৰ নিম্ন আদালতসমূহত ৰজু হৈ থকা অমীমাংসিত গোচৰৰ সংখ্যা হৈছে মুঠ ৫,৫৬,৭০৪টা। ইয়াৰ ভিতৰত ৫০ বছৰলৈকে অমীমাংসিত হৈ থকা ১১টা গোচৰ আছে।
৪০ বছৰলৈকে অমীমাংসিত হৈ থকা গোচৰৰ সংখ্যা হৈছে ১৯টা। আনহাতে প্ৰশ্নোত্তৰকালত আম আদমী পাৰ্টিৰ সাংসদ বিক্ৰমজিৎ সিং সাহানিয়ে উত্থাপন কৰা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মেঘৱালে প্ৰকাশ কৰা মতে, এই মুহূৰ্তত গৌহাটী উচ্চ ন্যায়ালয়ত অমীমাংসিত হৈ থকা গোচৰৰ সংখ্যা হৈছে ৬৩,৫৩৯টা। অৰ্থাত উচ্চ ন্যয়ালয় আৰু নিম্ন আদালতসমূহত মুঠ ৬,২০,২৪৩টা গোচৰ অমীমাংসিত অমীমাংসিত অৱস্থাত আছে।
উদ্বেগৰ বিষয়টো হৈছে ৰাজ্যৰ আদালতসমূহত ২৪ জন বিচাৰকৰ পদ খালী হৈ আছে। যোৱা বছৰ খালি হৈ থকা বিচাৰকৰ পদ আছিল অনুৰূপ। লক্ষ্যনীয় বিষয়টো হৈছে ব্যাপক হাৰত গোচৰৰ সংখ্যা বৃদ্ধি পাই আছে যদিও যোৱা এবছৰত খালী হৈ থকা বিচাৰকৰ এটা পদও পুৰণ কৰা হোৱা নাই। ইয়াৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৫ জন বিচাৰকৰ পদ খালী হৈ আছে।
উল্লেখ্য যে মন্ত্ৰী মেঘৱালে প্ৰদান কৰা তথ্য অনুসৰি সমগ্ৰ দেশৰ কেৱল নিম্ন আদালসমূহত এই মুহূৰ্তত ৪ কোটি ৮০ লাখ ৪২ হাজাৰ ৭২০টা গোচৰ অমীমাংসিত ভাৱে পৰি আছে। উচ্চ ন্যায়ালয়সমূহত থকা অমীমাংসিত গোচৰৰ সংখ্যা হৈছে ৬৩ লাখ ৩১ হাজাৰ ১২৯টা।
উচ্চতম ন্যায়ালয়ত অমীমাংসিত হৈ আছে ৯০,৬৯৪টা গোচৰ। ইয়াৰ বিপৰীতে নিম্ন আদালতসমূহত খালী হৈ থকা বিচাৰকৰ পদৰ সংখ্যা হৈছে ৪,৮৫৫টা। উচ্চ ন্যায়ালয়সমূহত খালী হৈ আছে ২৯৭টা পদ। যদিও উচ্চতম ন্যায়ালয়ত খালী আছে মাত্ৰ এগৰাকী বিচাৰকৰ পদ।
বিশেষ বাৰ্তা, নতুন দিল্লী, ৫ ডিচেম্বৰ