নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত ৰক্তাক্ত-ৰ লক্ষ্য জইছ-ই-মহম্মদৰ মহিলা ব্রিগেডৰ

দুমাহত জেহাদলৈ দেশৰ ৫,০০০ মহিলা–যুৱতী

অপাৰেচন সিন্দূৰ’ৰ দ্বাৰা ভাৰতীয় সেনাই মোক্ষম আঘাত হনা ‘জইছ–ই–মহম্মদ’–এ ভাৰতৰ বিৰুদ্ধে পুনৰ কঁকাল পোনাইছে৷ সমগ্র দেশ জোকাৰি যোৱা শেহতীয়া দিল্লী বিস্ফোৰণত নাম সাঙোৰ খাই পৰা চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ মদতপুষ্ট সন্ত্রাসবাদী সংগঠনটোৱে ভাৰত ৰক্তাক্ত কৰিবলৈ ৰচনা কৰিছে এক ভয়ংকৰ ব্লু–প্রিণ্ট৷

ইয়াৰ অংশ হিচাপে কুখ্যাত সন্ত্রাসবাদী মাছুদ আজহাৰ নেতৃত্বাধীন জইছে প্রথমবাৰৰ বাবে অনলাইনত জেহাদ বিয়পোৱাৰ উদ্দেশ্যে মহিলা ব্রিগেড গঠন কৰিছে৷ যাৰ নাম দিয়া হৈছে জামাত–উল–মোমিনা৷

ইতিমধ্যে প্রায় ৮ সপ্তাহৰ ভিতৰতে জইছৰ এই মহিলা ব্রিগেডত ৫ সহস্রাধিক সদস্যভুক্তি হোৱাৰ কথা দাবী কৰা হৈছে খোদ দুর্ধর্ষ মাছুদ আজহাৰৰ তৰফৰ পৰা৷ সামাজিক মাধ্যমত দুর্ধর্ষ সন্ত্রাসবাদী নেতাজনে এটা পোষ্টত উল্লেখ কৰিছে এইদৰে– ‘আল্লাৰ কৃপাত মাত্র কেইটামান সপ্তাহৰ ভিতৰতে ৫ হাজাৰতকৈ অধিক মহিলা–যুৱতীয়ে জামাত–উল–মোমিনাত যোগদান কৰিছে৷ যোগদান কৰাসকলৰ বহুতৰে মানসিতাৰ পৰিৱর্তন হোৱাৰ সমান্তৰালভাৱে তেওঁলোকে উপলব্ধি কৰিব পাৰিছে নিজৰ লক্ষ্য ৷

মহিলা ব্রিগেডৰ জিলা ইউনিট গঠন কৰা হ’ব৷ প্রতিখন জিলাত একোগৰাকী মুস্তাজিমা (ব্যৱস্থাপক) থাকিব আৰু তেওঁলোকে দায়িত্ব চমজাই দিব৷ উল্লেখ্য যে যোৱা ৮ অক্টোবৰত মাছুদ আজহাৰে বাহাৱালপুৰৰ মার্কাজ ওচমান–ও–আলীত জইছৰ মহিলা ব্রিগেড জামাত–উল– মোমিনা গঠনৰ ঘোষণা কৰিছিল৷

তাৰ পাছতে ১৯ অক্টোবৰত নৱগঠিত সংগঠনটোৱে পাক অধিকৃত কাশ্মীৰৰ ৰাৱালকোটত সদস্যাভুক্তিৰ উদ্দেশ্যে দুখতাৰান–ই–ইছলাম নামৰ এটা অনুষ্ঠানৰ আয়োজন কৰে৷ ইয়াৰ লগে লগে ৫০০ টকা ‘অনুদান’ৰ বিনিময়ত অনলাইনযোগে জেহাদৰ পাঠ দিয়া আৰম্ভ কৰে মাছুদ আজহাৰৰ নৱগঠিত সংগঠনটোৱে৷

ভাৰতক অস্থিৰ কৰাৰ একাধিক ষড়যন্ত্রত লিপ্ত কুখ্যাত সন্ত্রাসবাদী সংগঠনটোৰ মুৰব্বী মাছুদ আজহাৰে মহিলা ব্রিগেডৰ নেতৃত্বৰ দায়িত্বভাৰ অর্পণ কৰিছে নিজৰেই ভনীয়েক ছাদিয়া আজহাৰক৷ মাছুদ আজহাৰৰ ঘোষণাৰ প্রায় ৮ সপ্তাহৰ ভিতৰতে দেশৰ ৫ হাজাৰৰো অধিক মহিলা–যুৱতীয়ে জেহাদৰ প্রতি আকৃষ্ট হোৱাটো গুৰুত্বপূর্ণৰূপে বিবেচিত হৈছে৷

মন কৰিবলগীয়া যে অপাৰেচন সিন্দূৰত ছাদিয়া আজহাৰৰ স্বামী ইউছুফৰ মৃত্যু হৈছিল৷ চোৰাংচোৱা সূত্রৰ উদ্ধৃতিৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি জামাত–উল–মোমিনাত সদস্যাভুক্তি হোৱা মহিলাসকলক অনলাইনযোগে ৪০ মিনিটৰ সন্ত্রাসবাদৰ শিক্ষা দিয়া হয়৷ অনলাইনযোগে সন্ত্রাসবাদৰ শিক্ষা দিয়াকে ধৰি জামাত–উল–মোমিনাৰ সমগ্র কার্যকলাপ নিয়ন্ত্রিত হৈছে পাক অধিকৃত কাশ্মীৰৰ ৰাৱালকোটৰ পৰা৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে খোদ দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰে ইতিপূর্বে দিয়া বার্তাতেই জইছৰ মহিলা ব্রিগেডৰ প্রশিক্ষণসহ অন্যান্য বিষয়ৰ ৰূপৰেখাৰ কথা সদৰী কৰিছে৷

মাছুদ আজহাৰে প্রকাশ কৰা মতে, জইছৰ পুৰুষ ব্রিগেডৰ দৰেই মহিলা ব্রিগেডকো প্রশিক্ষণ দিয়া হ’ব৷ বিশেষকৈ পুৰুষ সন্ত্রাসবাদীসকলে যিদৰে ১৫দিনীয়া দৌৰা–ই–তাৰবিয়াত শীর্ষক প্রশিক্ষণত ভাগ লয়, ঠিক একেদৰে জামাত–উল–মোমিনাত যোগদান কৰা মহিলাসকলে দৌৰা–ই–তাছকিয়াত ভাগ লোৱাটো বাধ্যতামূলক৷ প্রথম পর্যায়ৰ প্রশিক্ষণত উত্তীর্ণ হোৱাৰ পাছত মহিলা সন্ত্রাসবাদীসকলৰ বাবে জইছে আৰম্ভ কৰিব দ্বিতীয় পর্যায়ৰ দৌৰা–আয়াত–উল–নিশা৷

এই দ্বিতীয় পর্যায়ৰ প্রশিক্ষণ ভাৱালপুৰৰ মার্কাজ ওচমান–ও–আলীত দিয়াৰ ব্যৱস্থা কৰিছে জইছে৷ মহিলাক সন্ত্রাসবাদী সংগঠনটোৰ সদস্যাভুক্তি কৰাৰ ক্ষেত্রত কেতবোৰ কঠোৰ নীতি–নিয়ম নির্ধাৰণ কৰিছে মাছুদ আজহাৰে৷ এই সন্দর্ভত কুখ্যাত সন্ত্রাসবাদী নেতাজনে প্রকাশ কৰা অনুসৰি জইছৰ মহিলা ব্রিগেডত যোগদান কৰাসকলে নিজৰ স্বামী অথবা পৰিয়ালক বাদ দি আন কোনো পুুৰুষৰ সৈতে ফোন বা যিকোনো মাধ্যমৰ জৰিয়তে যোগাযোগ ৰাখিব নোৱাৰিব৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা মাহত দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হৈছিল আত্মঘাতী ভয়ংকৰ বোমা বিস্ফোৰণ৷ এই বিস্ফোৰণ কাণ্ডৰ সৈতে নাম সাঙোৰ খাই পৰে জইছৰ৷ ১৩জন লোকৰ প্রাণহানি ঘটা বিস্ফোৰণ কাণ্ড সন্দর্ভত চিকিৎসকসহ বহুকেইজন লোক ইতিমধ্যে দিল্লী আৰক্ষী–নিয়াৰ জালত পৰিছে৷

ইয়াৰ ভিতৰত ফৰিদাবাদত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰৰ সমান্তৰালভাৱে গ্রেপ্তাৰ হোৱা ডাঃ শ্বাহিন শ্বাইদ অন্যতম৷ যিজন ব্যক্তি জইছৰ সন্ত্রাসবাদী শাখাৰ সৈতে ওতপ্রোতভাৱে জড়িত থকাৰ তথ্য ইতিমধ্যে অনুসন্ধানকাৰী সংস্থাই লাভ কৰিছে৷

ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ

You might also like