নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰ-ভূৰাগাঁও-গুৱাহাটীত পথ দুৰ্ঘটনা, হতাহত ৫

সোণাপুৰত পথ দুৰ্ঘটনা

সোণাপুৰত পথ দুৰ্ঘটনাত মৃত্যু হৈছে জুৰীয়াৰ দুজনকৈ লোক। চিকিৎসাজনিত কাৰণত একেখন বাহনতে জুৰীয়াৰ পৰা ৭জনকৈ লোক শ্বিলঙলৈ যোৱা পথত সোণাপুৰৰ তেঁতেলীয়াত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত থিতাতে নিহত জুৰীয়াৰ আধাখুন্দাৰ ইমান আলী আৰু, মাহেৰিপাৰৰ হাফিজ উদ্দীন। ইমান আলীৰ পুত্ৰ ইক্ৰামুল হুছেইনো সংকটজনক চিকিৎসাধীন হৈ আছে। আন চাৰিজনকো সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আহত চাৰিজনৰ এতিয়াও পৰিচয় উদ্ধাৰ হোৱা নাই যদিও চাৰিওজন জুৰিয়াৰ বিভিন্ন প্ৰান্তৰ বুলি জানিব পৰা গৈছে।

ভূৰাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সোণডোবাত যোৱানিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দূৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক। আন দুই যুৱক গুৰুতৰভাৱে আহত হয়। নিচাসক্ত অৱস্থাত তিনি যুৱকে এখন বাইকত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। নিহত যুৱকজন লাহৰীঘাটৰ ধিঙৰআটি গাঁৱৰ বিশাল দাস। আহত দুজন ইকবাল হুছেইন, প্ৰেম বিমুখ দাস। বাইক খনৰ নম্বৰ AS21M7131। আহত দুজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল লৈ প্ৰেৰণ কৰা হৈছে।

মহানগৰীৰ উলুবাৰী উৰণ সেতুত পথ দুৰ্ঘটনা

মহানগৰীৰ উলুবাৰী উৰণ সেতুত সংঘটিত হয় এক পথ দুৰ্ঘটনা। LNT ঢালাই মেচিনৰ বাহনে মহটিয়াই নিলে উৰণ সেতুৰ ৰেলিং। নিয়ন্ত্রণ হেৰুৱাই তীব্ৰ বেগত খুন্দা মাৰে উৰণ সেতুখনৰ এটা অংশত। দুর্ঘটনাগ্রস্ত বাহনখনৰ নম্বৰ AS 01 FP 0241। আনফালে দুৰ্ঘটনাৰ ফলত তীব্র যান-জঁটত সৃষ্টি হয় অঞ্চলটোত। দুৰ্ঘটনাত উৰণ সেতুৰ এটা অংশ সম্পূর্ণৰূপে বিধ্বস্ত হয়।

ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ

You might also like