নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপলিপ কন্যা শিশু দেখিলেই হত্যাৰ প্রৱণতা তৰুণীৰ

নিউজ ডেস্ক, ৫ ডিচেম্বৰ : হত্যাকাৰীৰ মানসিকতা সঁচাকৈয়ে অদ্ভুত ধৰণৰ! প্রতিটো হত্যাকাণ্ডৰ আঁৰৰ প্রৱণতা নিশ্চয়কৈ চিন্তনীয়৷ এনে এটা ঘটনা ঘটিছে হাৰিয়ানাৰ পানীপটত৷ ৬ বছৰীয়া ভতিজীক হত্যা কৰাৰ পিছত ধৰা পৰে ৩২ বছৰীয়া এগৰাকী যুৱতী৷ পুনম নামৰ এই যুৱতীগৰাকীয়ে আৰু তিনিটা একে ধৰণৰ হত্যাকাণ্ড সংঘটিত কৰিছে বুলি অভিযোগ আছে৷ আনকি তেওঁৰ জিঘাংসাৰ পৰা নিজৰ দুবছৰীয়া সন্তানটিয়েও ৰেহাই নাপালে৷ সকলো মিলি দুবছৰৰ ভিতৰত মহিলাগৰাকীয়ে চাৰিটা শিশুক হত্যা কৰে বুলি অভিযোগ উঠিছে৷ কিন্তু কিয় বাৰে বাৰে পুনমৰ নৃশংসতাৰ চিকাৰ হৈছে নিষ্পাপ কন্যা শিশু৷ গ্রেপ্তাৰ হোৱাৰ পিছত এই সন্দর্ভত আৰক্ষীৰ জেৰাত পুনমৰ উত্তৰো আছিল বিস্ময়কৰ৷

আৰক্ষীৰ জেৰাত তেওঁ প্রকাশ কৰা মতে, তেওঁৰ পৰিয়ালত তেওঁতকৈ বেছি ধুনীয়া কোনোবা থকাটো তেওঁ নিবিচাৰে, সেইবাবেই এই ধাৰাবাহিক হত্যাকাণ্ড৷ ঘটনাটো হাৰিয়ানাৰ পানীপটৰ৷ শেহতীয়াকৈ সোণপটৰ বাসিন্দা ছবছৰীয়া বিধি নামৰ কন্যা শিশুটি এটা বিয়াৰ অনুষ্ঠানৰ পৰা নিৰুদ্দেশ হয়৷ তাৰ এঘণ্টা পিছত বহু বিচাৰ–খোঁচাৰৰ মূৰত শিশুটিৰ আইতাক উমাৱতীয়ে তাইৰ সন্ধান পায় এগৰাকী আত্মীয়ৰ ঘৰৰ গুদামত৷ তাৰ পৰা তাইক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ পুলিচৰ জেৰাত পুনমে স্বীকাৰ কৰিছে কেনেদৰে ঘৰৰ পৰা তাইক ফুচুলাই লৈ গৈ গুদামঘৰৰ গামলাভর্তি পানীত জুবুৰিয়াই বিধিক হত্যা কৰিছে৷

পুলিচৰ জেৰাত পুনমে জনাইছে- ২০২৩ চনত তেওঁৰ ৯ বছৰীয়া ভতিজী ঈশিকাক পানীৰ টেংকত বুৰাই হত্যা কৰিছিল৷ ধৰা পৰাৰ ভয়ত নিজৰ তিনি বছৰীয়া পুত্র সন্তানকো একেদৰে পানীত বুৰাই হত্যা কৰিছিল৷ একেদৰেই চলিত বর্ষৰ আগষ্ট মাহতো ভায়েকৰ ছবছৰীয়া কন্যা জিয়াকো হত্যা কৰে৷ পুনমে দাবী কৰে বেছি ধুনীয়া দেখা বাবেই তাই ঈশিকা, জিয়া আৰু বিধিক হত্যা কৰিছে৷

You might also like