ভাৰতৰ বুকুৱেদি বোৱাই দিয়া হ’ব ৰাছিয়াৰ তেল
সকলো বাধা–প্রতিবন্ধকতা নেওচি ভাৰতৰ বুকুৱেদি বোৱাই দিয়া হ’ব ৰাছিয়াৰ তেল৷ নতুন দিল্লী–হোৱাইট হাউছৰ শীতল বাণিজ্যিক সংঘাত অব্যাহত থকাৰ মাজতে ড’নাল্ড ট্রাম্পৰ আমেৰিকাৰ ৰঙাচকুক উপেক্ষা কৰি এই প্রতিশ্রুতি দিলে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷
নতুন দিল্লীৰ হায়দৰাবাদ হাউছত আয়োজিত যুটীয়া সংবাদ মেলত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক সাক্ষী ৰাখি ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে অতি স্পষ্টভাৱে কয় যে তেল–গেছ–কয়লাৰ দৰে ইন্ধনৰ ক্ষেত্রত ৰাছিয়া ভাৰতৰ নির্ভৰযোগ্য সৰবৰাহকাৰী হৈ থাকিব৷ ভাৰতৰ অর্থনীতি ক্রমশঃ স্বাৱলম্বী হৈ উঠিছে৷
এনে অৱস্থাত বাধাহীনভাৱে ৰাছিয়াৰ তেল বোৱাই অনা হ’ব ভাৰতৰ বুকুৱেদি৷ আমি তেল–গেছ–কয়লাৰ দৰে ইন্ধন ভাৰতলৈ সৰবৰাহৰ ক্ষেত্রত নির্ভৰযোগ্য উৎস হৈ থাকিম৷ অকল ইমানেই নহয়, আমেৰিকাৰ নাম উল্লেখ নকৰাকৈয়ে ভাৰতৰে ৰাছিয়াৰ দ্বিপাক্ষিক সম্পর্কক এক নতুন গতি প্রদান কৰি ‘বন্ধু’ ৰাষ্ট্রখনৰ ৰাষ্ট্রপতিগৰাকীয়ে পুনৰ কয় যে ভাৰতৰে আমাৰ সম্পর্ক অত্যন্ত সুমধুৰ৷ অনাগত দিনত বিশ্বৰ বিভিন্ন সমস্যা আমি ঐক্যবদ্ধ হৈ মোকাবিলা কৰিম৷ ভাৰত–ৰাছিয়াৰ ভৱিষ্যৎ যথেষ্ট উজ্জ্বল৷
উল্লেখ্য যে বাণিজ্যিক চুক্তি নথকাৰ অজুহাতত আমেৰিকাই প্রথম পর্যায়ত ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল৷ পৰৱর্তী সময়ত ৰাছিয়াৰ পৰা তেল ক্রয়ৰ অজুহাত দেখুৱাই হোৱাইট হাউছে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক বোজা জাপি দিয়ে৷ অর্থাৎ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ এই সিদ্ধান্তৰ পৰিপ্রেক্ষিতত ভাৰতে ৫০ শতাংশ শুল্ক আদায় দিবলগীয়া হৈছে৷
আনকি ৰাছিয়াৰ পৰা তেল ক্রয়ক লৈ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে একাধিকবাৰ সকীয়াই দিছে নতুন দিল্লীক৷ অৱশ্যে ইমানৰ পিছতো সম্পর্ক অটুট আছে ভাৰত–ৰাছিয়াৰ৷ ইয়াৰ মাজতে নতুন দিল্লীত বহি কার্যতঃ মার্কিন ৰঙাচকুক ৰুছ ৰাষ্ট্রপতি পুটিনে উপেক্ষা কৰাটো কূটনৈতিকভাৱে যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ ইয়াৰ লগে লগে ৰাছিয়াৰ ৰাষ্ট্রপতিগৰাকীয়ে তৈল সম্পদক লৈ স্পষ্ট কৰিলে নিজ দেশৰ স্থিতিও৷
ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ