নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ বাণী লৈ নিৰ্বাচনী ৰণলৈ কংগ্ৰেছ

অতি কম দিনৰ ভিতৰতে  আলোচনা মৰ্মে অতি সিদ্ধান্ত লব। ৰাইজৰ লগতে আলোচনা কৰি পৰৱৰ্তী সময়ত এই দিশত প্ৰস্তাৱ লব জাতীয় কংগ্ৰেছে।

২৬ৰ কংগ্রেছৰ নিৰ্বাচনী ইস্তাহাৰ অগ্ৰগতি সম্পৰ্কে ডিব্ৰুগড়ত গৌৰৱ গগৈৰ উপস্থিতিত এখন সংবাদ মেল অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত, পৱন সিং ঘাটোৱাৰ, প্ৰদ্যুত বৰদলৈ, পৃথ্বী মাঝি প্ৰণতি ফুকন ইত্যাদি আদি উপস্থিত থাকে।

এই সংবাদ মেলত সদৰী কৰা অনুসৰি দলটোৰ ৰাজ্যিক প্ৰতিনিধিত্বসকলে ৰাজ্যৰ প্ৰায় ৬০টা জাতি-জনগোষ্ঠীয় সংগঠনকো সাক্ষাৎ কৰিব।

ইফালে সংবাদ মেল সম্বোধন কৰি ভিন্ন দিশত মন্তব্য দাঙি ধৰে গৌৰৱ গগৈয়ে– ডিব্ৰুগড়ৰ পৰাই জাতীয় কংগ্ৰছে আৰম্ভ কৰিছে আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ ৰণনীতি। এতিয়া অসমত ৰাজতন্ত্ৰ চলি আছে। দিছপুৰত ৰজা আছে এতিয়া। এই ৰজাই যি মন যায় কৰিছে। কিন্তু আমি ৰজা হৈ থাকিব নিবিচাৰোঁ, আমি প্ৰজা হৈ থাকিব বিচাৰো। আমি জাতীয় কংগ্ৰেছে পাঁচটা দলত বিভক্ত হৈ সমগ্ৰ অসমতে ৰাইজৰ সমস্যা বুজ লম।

ইফালে মিত্ৰতাৰ দিশতো গৌৰৱ গগৈয়ে মন্তব্য দাঙি ধৰি কয়- অতি কম দিনৰ ভিতৰতে  আলোচনা মৰ্মে অতি সিদ্ধান্ত লব। ৰাইজৰ লগতে আলোচনা কৰি পৰৱৰ্তী সময়ত এই দিশত প্ৰস্তাৱ লব জাতীয় কংগ্ৰেছে।

আনহাতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দিশত গৌৰৱ গগৈয়ে কয় যে বৰ্তমানৰ চৰকাৰে এই দিশত এটি সবল স্থিতি দিব পৰা নাই। সকলোৱে কোনো অসুবিধা নোহোৱাকৈ জনজাতিৰ প্ৰতিবেদন দাখিল কৰিব লাগে।

ইফালে তেওঁ কয়, মই প্ৰথমে পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ আয়োজক কোন জানিব বিচাৰো। আঠ তাৰিখে পোষ্ট মেলনৰ অনুষ্ঠানৰ দিন নিৰ্ধাৰিত কৰিলে কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ দিন মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰিত কৰিব নোৱাৰিলে।

আনহাতে বৃন্দাবনী বস্ত্ৰৰ দিশত এটাই কথা কব বিচাৰো বুলি সভাপতি গগৈয়ে কয় যে যদি চৰকাৰে বৃন্দাবনী বস্ত্ৰ নিৰ্বাচনৰ পূৰ্বে আনিব পাৰে তেন্তে কিছুদিন আমাৰ বৰপেটাত এই বস্ত্ৰ ৰাখিব লাগে চৰকাৰে।

সংবাদ মেলত সদৰী কৰা অনুসৰি অসমৰ চুকে কোণে এইবাৰ সজাগতা সৃ্ষ্টি কৰিব জাতীয় কংগ্ৰেছে। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ বাণী লৈ অসমত নিৰ্বাচনী যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছে। অনলাইনত যোগেদিও ভিন্ন অভিযোগ গ্ৰহণ কৰিব দলটোৱে। অসমৰ চুকে কোণে কিছু অভিযোগৰ বাকচ লগাই ৰাইজৰ অভিযোগ গ্ৰহণ কৰা ব্যৱস্থা কৰিছে কংগ্ৰেছে। এই অভিযোগ বাকচত ৰাইজে অভিযোগ পৰামৰ্শসমূহ দিব পাৰিব ৰাইজে।

ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ

লগতে এইটোও পঢ়ক — সমাগত বিধানসভা নিৰ্বাচন : মুখ্য়মন্ত্ৰীয়ে দিলে ডাঙৰ বাৰ্তা… সৰ্বত্ৰ উছাহ

You might also like