ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ’ব বিচাৰে অসম-সন্তান ৰিয়ান পৰাগে…
নিউজ ডেস্ক, ৬ ডিচেম্বৰ : ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনৰ এতিয়া নতুন ঠিকনা হৈছে চেন্নাই ছুপাৰ কিংছ৷ ৰাজস্থানৰ পৰা সঞ্জুৰ বিদায়ৰ আঁৰত তেওঁৰ সতীর্থ ৰিয়ান পৰাগ আছে বুলিও জল্পনা–কল্পনাৰ সৃষ্টি হৈছে৷ বিগত আইপিএলত সঞ্জু ছেমছন আঘাতপ্রাপ্ত হোৱাত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ অধিনায়কত্ব চম্ভালিছিল৷ কিন্তু এইবাৰ ৰাজস্থানলৈ হোম কামিং হৈছে ৰবীন্দ্র জাদেজাৰ৷ অধিনায়কত্বৰ মুকুট জাদেজাৰ হাতত থাকিব বুলি বহুতে জল্পনা–কল্পনা কৰাৰ সময়তে আগন্তুক আইপিএলত ৰাজস্থানৰ অধিনায়ক হোৱাৰ ইচ্ছা প্রকাশ কৰিছে অসম-সন্তান ৰিয়ান পৰাগে৷
সংবাদ প্রতিষ্ঠানৰে হোৱা এক সাক্ষাৎকাৰত ৰিয়ান পৰাগে কয় যে বিগত ছিজনৰ আইপিএলত মই সাতখনৰ পৰা আঠখন মেচত অধিনায়কত্ব কৰিছিলোঁ৷ আমি ড্রেছিং ৰূমত আলোচনা কৰিছিলোঁ৷ মই ভাবোঁ ৮০ৰ পৰা ৮৫ শতাংশ সময়ত মই সঠিক আছিলোঁ৷ অৱশ্যে পৰৱর্তী আইপিএলত অধিনায়ক হ’ব নে নহয়, সেই কথা চিন্তা কৰা নাই ৰিয়ানে৷
ৰাজস্থানৰ স্বত্বাধিকাৰী মনোজ বাদলে ১৬ ডিচেম্বৰত নিলামৰ পাছত দলৰ অধিনায়ক সন্দর্ভত সিদ্ধান্ত লোৱাৰ ইংগিত দিছে৷ যদি মেনেজমেণ্টে মোক অধিনায়ক হিচাপে উপযুক্ত বুলি ভাবে, তেন্তে ইয়াৰ বাবে মই সাজু আছোঁ৷ যদি তেওঁলোকে এনেকুৱা ভাবে যে এজন খেলুৱৈ হিচাপে মই অধিক অৰিহণা যোগাব পাৰোঁ তাৰ বাবেও মই সাজু আছোঁ৷ ৰিয়ানে লগতে কয় যে বহুতে ভাবে যে অধিনায়কত্ব সহজ৷ কিন্তু এই ধাৰণাটো সঠিক নহয়৷ এইটো সঁচা যে নেতৃত্বই আপোনাক জনপ্রিয় কৰি তুলিব পাৰে৷