নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজামুদ্দিনলৈ গৈছিল সাংসদ নৱ কুমাৰ শৰণীয়া

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ দেশ তথা ৰাজ্যজুৰি ক’ৰোনাৰ আতংকৰ মাজতে বিশেষ চৰ্চা লাভ কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণকাৰী হিচাপে পৰিগণিত দিল্লীৰ নিজামুদ্দিন মাৰ্কাজলৈ গৈছিল অসমৰ বহু লোক । ইতিমধ্যে ৰাজ্য চৰকাৰে এই লোকসকলৰ নামসহ এখন তালিকা প্ৰকাশ কৰিছে ।

কিন্তু সকলোকে আচৰিত কৰি এতিয়া চৰ্চালৈ আহিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ নাম ।

অৱশ্যে সাংসদগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, তেওঁ কোনো ধৰ্মীয় অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে যোৱা নাছিল দিল্লীলৈ । যোৱা ১৪ মাৰ্চৰ সন্ধিয়া এজন বন্ধুক লগ কৰিবলৈহে নিজামুদ্দিন (ইষ্ট) লৈ গৈছিল সাংসদ নৱ কুমাৰ শৰণীয়া ।

ইপিনে এই সন্দৰ্ভত চৰকাৰক যিসমূহ তথ্য দিব লাগে সেয়া দিয়া হৈছে বুলি মন্তব্য কৰিছে সাংসদ নৱ কুমাৰ শৰণীয়াই ।

You might also like