নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তবোৰৰ সবিশেষ

অসমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণী পর্যন্ত অসম বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক পাঠ্যক্রম হিচাপে প্রৱর্তন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্যিক কেবিনেটে৷ জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত হোৱা কেবিনেট বৈঠকে ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ বাধ্যতামূলক পাঠ্যক্রম হিচাপে প্রৱর্তন কৰিব বিচৰা অসম বুৰঞ্জী আৰু ভূগোল বিষয়ৰ প্রশ্ণকাকতৰ বাবে ৫০ নম্বৰকৈ অনুমোদন কৰিছে৷ ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ প্রৱর্তন কৰিব বিচৰা এই পাঠ্যক্রম অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ উদ্দেশ্যে গঠিত অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা কমিটীৰ পৰামর্শৰ ভিত্তিতে গ্রহণ কৰা হৈছে বুলি সদৰী কৰিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ ইয়াৰ জৰিয়তে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ পৰামর্শৰ এটা গুৰুত্বপূর্ণ সিদ্ধান্ত ৰূপায়ণৰ ব্যৱস্থা কৰা হয়৷

কেবিনেটে আন কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্তও গ্রহণ কৰে৷ সেই অনুসৰি শিলচৰৰ দলু চাহ বাগিচাৰ ভূমিত নির্মাণ কৰিবলগা গ্রীন ফিল্ড এয়াৰপ’ৰ্টৰ বাবে তিনি হাজাৰ বিঘা মাটি ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণলৈ হস্তান্তৰ কৰা হয়৷ তাৰ উপৰি মিছন বসুন্ধৰাৰ অধীনত ১,২০০ পৰিয়াললৈ ভূমি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে ৰাজ্যিক কেবিনেটে৷

কেবিনেটৰ অন্য এক সিদ্ধান্ত অনুসৰি আছাম ল’জিষ্টিক এণ্ড ৱেৰহাউছিং পলিচী–২০২৫ত অনুমোদন জনোৱা হয়৷ ইয়াৰ জৰিয়তে অসমক ল’জিষ্টিক হাবলৈ পৰিণত কৰাৰ চেষ্টা চলোৱা হৈছে৷ তদুপৰি অসমৰ জিডিপি বৃদ্ধি হোৱাৰ লগতে নিবনুৱা সমস্যাৰ সমাধান হ’ব৷ অসম অভিযান্ত্রিক মহাবিদ্যালয়ত অসম চৰকাৰেDassalt systems India private limitedৰ সৈতে যুটীয়াভাৱে স্থাপন কৰিবলগীয়া এটা প্রকল্পতো আজিৰ কেবিনেটে অনুমোদন জনায়৷ ২৪৩ কোটি টকা ব্যয়েৰে ৫ হাজাৰ বর্গফুট এলেকাত স্থাপন হ’বলগীয়া প্রকল্পটোৰ অধীনত এৰ’স্পেচ এণ্ড ডিফেনছ, অটোমেটিভ এণ্ড ইলেক্ট্রিক ভেহিকলছ সম্পর্কীয় পাঠ্যক্রম আগবঢ়োৱা হ’ব৷

ইয়াত অসম চৰকাৰে ৪৩ কোটি টকা আৰু Dassalt systems India private limited–এ ২০০ কোটি টকা ব্যয় কৰিব৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি কার্বি আংলঙৰ লংভাকুত স্থাপন কৰিবলগা সৈনিক স্কুলৰ বাবে প্রয়োজনীয় প্রশাসনিকত অনুমোদন জনায়৷ ইয়াৰ বাবে ৩৩৫ কোটি টকা ব্যয় হ’ব৷ ইয়াৰে কেন্দ্রীয় চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয়ে ৮০ শতাংশ ধন ব্যয় কৰাৰ বিপৰীতে অসম চৰকাৰে ২০ শতাংশ ধন ব্যয় কৰিব৷

.এই সৈনিক স্কুলৰ কাম–কাজ অহা ১৫ জানুৱাৰীৰ ভিতৰত আৰম্ভ হ’ব৷ তাৰ উপৰি আজিৰ কেবিনেটে ডিমা হাছাওৰ চাৰিলেনযুক্ত পথ নির্মাণৰ সময়ত ক্ষতিগ্রস্ত ৪৮৪টা পৰিয়াললৈ ক্ষতিপূৰণৰ ধন মোকলাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰাৰ পাছত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীলৈ আহিবলগা ৰেপাৰ, পপ ষ্টাৰ পোষ্ট মেলনৰ অনুষ্ঠান চাবলৈ নোযোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে৷

কেবিনেটৰ লগতে ৰাজ্য চৰকাৰৰ কোনো সদস্যই পোষ্ট মেলনৰ সংগীতানুষ্ঠানত অংশগ্রহণ নকৰে বুলি সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই অনুষ্ঠানটো ৰাজ্য চৰকাৰৰ অনুষ্ঠান নহয়৷ আমি কেৱল সহযোগিতাহে কৰিছোঁ৷ আমি সংগীতানুষ্ঠানৰ লগত জড়িত নহয়৷ অর্থনৈতিকভাৱে আমি কোনো সহায় কৰা নাই৷ অনুষ্ঠানটো বুক মাই শ্ব’ৰ জৰিয়তে কৰা হৈছে৷ জুবিন গার্গৰ মৃত্যুৰ পূর্বেই পোষ্ট মেলনৰ কনচার্টৰ আয়োজনৰ সিদ্ধান্ত লোৱা হৈছিল৷ জুবিন গার্গে কেতিয়াও পোষ্ট মেলন কনচার্ট সংগীতানুষ্ঠানৰ বিৰোধিতা কৰা নাছিল৷

ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ

লগতে এইটো পঢ়ক — সম্পাদকীয় : প’ডকাষ্টৰ পৃথিৱী

You might also like