প’ডকাষ্টৰ পৃথিৱী
বর্তমান সময়ত যুৱ সমাজত এক চর্চাৰ বিষয় হৈছে প’ডকাষ্ট৷ আমি সন্তানক মোবাইল, লেপটপ আদিত ব্যস্ত দেখিলে চিন্তা কৰোঁ৷ তেওঁলোকৰ পঢ়াৰ প্রতি ধাউতি নোহোৱা হ’ব বুলি শংকিত হওঁ৷ আগৰ দিনৰ সৈতে তুলনা কৰি তেওঁলোকক বাতৰি আৰু কিতাপ অথবা পঢ়িবলৈ কওঁ৷ কিন্তু বহু জ্যেষ্ঠ ব্যক্তিয়ে শংকা কৰাৰ দৰে নতুন প্রজন্ম বিপথে পৰিচালিত হোৱা বুলি ভবা সমীচীন নহয়৷ যুৱপ্রজন্মই সময়ৰ সৈতে নিজকে খাপ খুৱাই ইণ্টাৰনেটৰ পৃথিৱীত জ্ঞান আহৰণৰ নতুন নতুন কৌশল বিচাৰি উলিয়াইছে৷ ইণ্টাৰনেটৰ আগমন, বিশেষকৈ মোবাইলত ইয়াৰ সহজলভ্যতাই আমাৰ হাতৰ মুঠিত আনি দিছে বিশ্বৰ তথ্য ভাণ্ডাৰ৷ সামাজিক মাধ্যমৰ প্রসাৰ আমাৰ সমাজ পৰিৱর্তনৰ দিশত অন্য এক জৰুৰী বিষয়৷ প’ডকাষ্ট হৈছে একপ্রকাৰৰ ডিজিটেল ফাইল, যিটো কোনো বিশেষ বিষয় বাছনি কৰি সাধাৰণতে ধাৰাবাহিক ৰূপত দৃশ্য অথবা শ্রব্যভাৱে বাণীবদ্ধ কৰি ইণ্টাৰনেটত দর্শকৰ বাবে মুকলি কৰা হয়৷ প’ডকাষ্টৰ ফর্মেট বিভিন্ন ধৰণৰ হ’ব পাৰে– বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ গ্রহণ, কোনো বিশেষ বিষয়ৰ ওপৰত আমন্ত্রিত অতিথিৰ সৈতে আলোচনা৷ প’ডকাষ্টৰ বিষয়ো বহুতেই আছে৷ সেইবোৰ হৈছে বাতৰি, ব্যৱসায়, খেলৰ জগত, সাজ–পোছাক, অলংকাৰ, গৃহসজ্জা, চলচ্চিত্র সমালোচনা ইত্যাদি৷ প’ডকাষ্টে জ্ঞান আহৰণৰ প্রক্রিয়া আকর্ষণীয় কৰি তোলে৷
অৱশ্যে ইয়াৰ বাবে যুৱচামে ভাল প’ডকাষ্ট বাছনি কৰিব লাগিব৷ এই দক্ষতা বৃদ্ধি কৰিবলৈ সৰুৰে পৰাই অভিভাৱকে ঘৰত পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ উদাহৰণস্বৰূপে আমাক জীৱনৰ সংঘর্ষৰ সন্মুখীন হ’বলৈ প্রয়োজন হয় অনুপ্রেৰণাৰ৷ বহু বিখ্যাত ব্যক্তিৰ প’ডকাষ্টে আমাক কঠিন সময়ত ধৈর্য আৰু সাহস দিব পাৰে৷ টনি ৰবিন্স প’ডকাষ্ট এক উদাহৰণ মাত্র৷ নেত্র বিশেষজ্ঞ বা চিকিৎসক হ’বলৈ বিচৰাসকলে Nerdy Optometrist প’ডকাষ্টৰ দ্বাৰা এজন প্রতিষ্ঠিত চকু চিকিৎসক Ukti Voraৰ অভিজ্ঞতাৰ বিষয়ে জানিব পাৰিব৷ বিজ্ঞানৰ ক্ষেত্রত দৃষ্টি আকর্ষণ কৰে Pratidhwani- Humanizing Science প’ডকাষ্টে ৷ মন কৰিবলগীয়া কথা এটাই লিখি গৈ থাকিলে ছাত্র–ছাত্রীৰ উপযোগী প’ডকাষ্টৰ তালিকাখন দীঘলীয়া হ’ব আৰু ই আমাৰ বাবে আশাৰ কথা৷ তদুপৰি মনোৰঞ্জনৰ উপৰি তত্ত্বগধুৰ জ্ঞানৰ সমল থকা প’ডকাষ্টৰ সংখ্যাও বাঢ়ি গৈছে৷ প’ডকাষ্টৰ আমেজ অসমীয়া ভাষাত লাভ কৰা বিষয়টো অতিশয় আনন্দৰ কথা৷ কিয়নো যিমানেই বাহিৰৰ ব্যক্তিৰ আৰু অন্য ভাষাৰ প’ডকাষ্ট উপভোগ নকৰোঁ, মন–মগজুৱে অসমীয়া ভাষাত বিভিন্ন বিষয় আজিও সকলোৱে জানিবলৈ বিচাৰে৷ প’ডকাষ্টৰ ক্ষেত্রত কেৰিয়াৰ গঢ়িবলৈ বিষয়ৰ ওপৰত দক্ষতা, দীর্ঘ সময়ৰ বাবে ধৈর্য, উপস্থাপন শৈলীৰে আগুৱাই যোৱাৰ বিশ্বাস লাগিব৷ বিভিন্ন ব্যক্তিৰ সংস্পর্শলৈ আহিবলৈ প্রয়াস কৰিব লাগিব৷ প্রতি মুহূৰ্তত শিকিবলৈ আৰু পৰিৱর্তিত ট্ৰেণ্ডৰ সৈতে প্রাসংগিকতা ৰাখি বিভিন্ন বিষয়ৰ তথ্য ৰাইজৰ বাবে মুকলি কৰিব লাগিব, যিটোৰ বাবে গৱেষণাৰ প্রয়োজন হ’ব৷ সাংবাদিকতাৰ ছাত্র–ছাত্রীৰ বাবে এই মাধ্যমত কাম কৰাটো কিছু সহজ যদিও এই মাধ্যমৰ বিশেষত্ব হৈছে যে ইচ্ছুক যিকোনো ব্যক্তিয়েই নিজৰ বিষয় নির্ধাৰণ কৰি কাম কৰিব পাৰিব৷ প’ডকাষ্টক কেৰিয়াৰ হিচাপে ল’বলৈ বিচাৰিলে সঠিক পৰিকল্পনা আৰু আত্মবিশ্বাসেৰে নতুন বাটেৰে অগ্রসৰ হোৱা প্রয়োজন৷