বৰপেটাৰ জিলা-সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান, হত্যাকাৰীক ফাঁচিৰ হুকুম
প্ৰথমবাৰৰ বাবে বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে হত্যাকাৰীক ফাঁচিৰ হুকুম দিছে
- বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতৰ ঐতিহাসিক ৰায়দান।
- পত্নী-কন্যা হত্যাকাৰীক ফাঁচিৰ হুকুম আদালতৰ।
- হত্যাকাৰীটোৰ নাম ঋষভ দাস।
- ২০২৩ চনৰ ১৩ অক্টোবৰত ঋষভ দাসে পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাসক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল।
- কন্যা হিয়া দাস আছিল উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী।
- বৰপেটাৰ গান্ধী নগৰত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ডটো ৷
- হত্যাত অভিযুক্ত ঋষভ দাসক সিদিনাই কৰায়ত্ত কৰিছিল বৰপেটা আৰক্ষীয়ে ৷
- এই ঘটনাৰ প্ৰায় ৮ বছৰ পূৰ্বে নিজ ভনীয়েক এগৰাকীকো দাৰে আক্ৰমণ কৰি হাতৰ কেইবাটাও আঙুলি ছেদ কৰিছিল অভিযুক্ত ঋষভ দাসে ৷
- প্ৰথমবাৰৰ বাবে বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে হত্যাকাৰীক ফাঁচিৰ হুকুম দিছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২২ অক্টোবৰ