নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্ধতালিৰ পতন, এয়াই হ’বলগীয়া আছিল… চিঠিত আৰু কি আছে ?

নিউজ ডেস্ক, ৮ ডিচেম্বৰ : দেশব্যাপী চলা ইণ্ডিগ’ৰ অচলাৱস্থা সন্দর্ভত সংস্থাৰ চিইঅ’ পিটাৰ এলবার্ছকে দোষাৰোপ কৰিলে এগৰাকী পাইলটে৷ ইণ্ডিগ’ৰ বিপর্যয়ৰ নেপথ্যৰ কাৰণ তুলি ধৰি এখন মুকলি চিঠি প্রকাশ কৰা হৈছে পাইলটগৰাকীৰ তৰফৰ পৰা৷

চিঠিখনত কোৱা হৈছে– ‘উদ্ধতালিৰ পতন ঘটিছে৷ আমি জানিছিলোঁৱেই৷ এনেকুৱা এটা দুর্দিন ইণ্ডিগ’ত আহিবই৷’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই মুকলি চিঠিখন৷

নিজৰ নাম প্রকাশ নকৰাকৈ পাইলটগৰাকীয়ে লিখিছে– ‘আমি ইণ্ডিগ’ৰ কোনো মুখপাত্র নহয়, একোজন সাধাৰণ কর্মীহে৷ দীর্ঘদিন ধৰি আমি ইণ্ডিগ’ত সেৱা আগবঢ়াই আহিছোঁ৷ অসংখ্য নিদ্রাহীন ৰাতি, অসম্ভৱ ৰোষ্টাৰ, অপমান সহ্য কৰিছোঁ ইয়াত৷ ইণ্ডিগ’ৰ এই বিপর্যয় আৰু কোনো আভ্যন্তৰীণ সমস্যা নহয়, সমগ্র দেশেই ইয়াৰ ভুক্তভোগী৷ সেয়েহে একোজন ভাৰতীয় হিচাপে আমি এই চিঠি লিখিছোঁ৷ যি ঘটিছে সেয়া ৰাতিটোৰ ভিতৰতে ঘটা নাই৷ এই দুর্দিন যে আহিব আমি জানিছিলোঁৱেই৷’

চিঠিখনত তেওঁ চিইঅ’সহ ৮গৰাকী শীর্ষ বিষয়াৰ নাম উল্লেখ কৰে৷ তেওঁ দাবী কৰে যে এই সংকটৰ বাবে এই ৮গৰাকীয়েই দায়ী৷ তালিকাৰ শীর্ষত আছে চিইঅ’ পিটাৰ এলবার্ছ৷

পাইলটগৰাকীৰ দাবী– ‘ভয়াৱহ এই পৰিস্থিতিৰ মাজতো তেওঁ নিজৰ জন্মস্থান নেদাৰলেণ্ডলৈ ছুটী কটাবলৈ গৈছে৷ দাবী কৰা হৈছে– সংস্থাৰ ভিতৰত ভয়াৱহ অচলাৱস্থাৰ পিছত কেন্দ্রৰ নতুন আইন য’ত গ্রাউণ্ড ষ্টাফসকলৰ বাবে ন্যূনতম মজুৰি, পাইলটৰ ওপৰত যাতে বর্ধিত কামৰ চাপ নপৰে, এই বিষয়সমূহেই সংস্থাটোক সমস্যাত পেলায়৷ যাৰ পৰিণতিত এই অচলাৱস্থা৷’

উল্লেখযোগ্য যে যোৱা ৬ দিন ধৰি সমগ্র দেশতে ইণ্ডিগ’ৰ বিমানসেৱাৰ চূড়ান্ত অচলাৱস্থা অব্যাহত আছে৷

You might also like