সুকন্যা : ৰাংঢালী দহিকতৰা
‘কাৰ প্রেৰণাত তই জুৰিলি সংগীত?
তটিনীৰ ক্ষীৰ ধাৰা,
কাৰ প্রেমে আত্মহাৰা
যি গীতৰ তৰংগত হ’ল তৰংগিত
হৃদয় আপ্লুত কৰে নাচোন ভংগীত৷’
দহিকতৰা/ৰঘুনাথ চৌধাৰী
সুমধুৰ গীত গাই ৰাংঢালী দহিকতৰা চৰায়ে নেজ দাঙি দাঙি পুৱাৰ পৰা গধূলিলৈকে এটা ডালৰ পৰা আন এটা ডাললৈ ইজোপাৰ পৰা সিজোপালৈ খাদ্য বিচাৰি ঘূৰি ফুৰে৷ দহিকতৰাৰ ইংৰাজী নাম হ’ল–Orient Magpie Robin আৰু ইয়াৰ বৈজ্ঞানিক নামটো হ’ল–Copsychus Saularis৷
দহিকতৰা চৰায়ে মানুহৰ বসতিস্থলৰ আশে– পাশে বাস কৰে৷ ইহঁত অসমৰ থলুৱা চৰাই৷ দহিকতৰা চৰাই বৰ লাজুকীয়া হোৱাৰ বাবে মানুহৰ কাষতে থাকে যদিও ওচৰলৈ নাহে৷ মতা–মাইকী দেখাত একে যদিও গাৰ ৰঙৰ কিছু পার্থক্য৷
মতা চৰাইটো দেখাত ধুনীয়া৷ মতাটোৰ মূৰ, পিঠি, ডেউকাৰ লগতে নেজৰ মাজ অংশৰ পাখিৰ ৰং উজ্জ্বল ক’লা৷ নেজৰ কাষ আৰু পেটৰ ফালৰ ৰং বগা৷ মাইকী দহিকতাৰ মূৰ, পিঠি, ডেউকা, নেজৰ ৰং পাতল মটীয়া ৰঙৰ৷ চকুৰ ৰং মুগা বৰণৰ৷ ঠোঁট ক’লা আৰু ঠেং দুখন তাম বৰণীয়া৷
ঠেং দুখনৰ আঙুলিকেইটা দীঘল হোৱাৰ লগতে নখকেইটা দীঘল হোৱাৰ বাবে গছৰ ডালত বহাৰ লগে লগে খামুচি ধৰে৷ দহিকতৰা বৰ ৰাংঢালী চৰাই৷ মাটিত জঁপিয়াই জঁপিয়াই নানা পোক–পৰুৱা, বিছা, কেঁচু, ফৰিং, উইচিৰিঙা ধৰি খায়৷ শিমলু, মদাৰ আদি ফুলৰ মৌ দহিকতাৰ প্রিয়৷
ইহঁতৰ দেহৰ দৈর্ঘ্য প্রায় ২০ চেঃমিঃমান আৰু ওজন ২০০ গ্রামমান হয়৷ দহিকতৰাই গছৰ ডাল বা জেওৰা–জপনা আদিত পৰি নেজডাল জোকাৰি জোকাৰি বহু সময় গীত গায়৷ গীত গোৱাৰ সময়ত নেজডাল অলপ সময়ৰ বাবে ওপৰলৈ দাঙি লয়৷
মাইকী দহিকতাজনীৰ মন আকর্ষণ কৰিবলৈ এনে কৰে৷ বসন্ত কাল অহাৰ লগে লগে মতা দহিকতৰা দেখাত ধুনীয়া হৈ পৰে আৰু মাত শুৱলা হয় আৰু এই সময়তে যোৰ পাতে৷ দহিকতৰা চৰাই আন চৰাইতকৈ সোনকালে বাহৰ পৰা ওলায় আৰু সন্ধিয়া সময়ত ওলোৱা পোক–পতংগ খাবলৈ পলমকৈ বাহলৈ ঘূৰি আহে৷ গছৰ ধোন্দত ঘাঁহ, পাত, খেৰ–কুটা গোটাই বাহ সাজে৷ মাইকীজনীয়ে এবাৰত চাৰিটামান কণী পাৰে৷
দহিকতৰা চৰায়ে সকলো সময়তে যোৰ পাতি থাকে৷ খাদ্য বিচৰা, জিৰণি লোৱা, বাহ সজা আদি সকলো সময়তে একেলগে থাকে৷ মাইকীজনীয়ে কণী পৰাৰ পাছত দুয়োটাই উমনি দি পোৱালি জগায় আৰু দুয়োটাই পোৱালিক খাদ্য খুৱাই প্রতিপালন কৰে৷ পোৱালিবোৰ উৰিব পৰা হ’লে মাক–বাপেকৰ লগ এৰে৷ কণীৰ ৰং ছাই বৰণীয়া আৰু মুগা ৰঙৰ ফুটফুটীয়া দাগ থাকে৷ শত্রু চৰাই বাহৰ ওচৰলৈ অহা দেখিলে খেদি যায়৷ দহিকতৰা দক্ষিণ আৰু পূব এছিয়াৰ স্থানীয় চৰাই৷
অসমীয়া লোক–সাহিত্যত দহিকতৰা চৰাইক লৈ বহুতো গীত, লোক–কাহিনী ৰচনা হৈছে৷ দহিকতৰা কবিসকলৰ প্রিয় চৰাই হোৱাৰ বাবে তেওঁলোকে বহু কবিতা ৰচনা কৰিছে দহিকতৰাক লৈ৷ দহিকতৰা চৰাইৰ আৱাসস্থান বহু পৰিমাণে কমি অহাৰ ফলত দিনকদিনে ইহঁতৰ সংখ্যা কমি আহিছে৷
দহিকতৰা চৰায়ে পৰিৱেশতন্ত্রৰ ভাৰসাম্য বজাই ৰাখে৷ জৈৱ–বৈচিত্র্যতে অৰিহণা যোগোৱাৰ লগতে বাসস্থান স্বাস্থ্যসূচক হিচাপে কাম কৰাত এক মূল্যৱান ভূমিকা পালন কৰে৷ এই চৰাইবোৰে কীট–পতংগ খাই পতংগৰ সংখ্যা নিয়ন্ত্রণ কৰি পাৰিপার্শ্বিক ভাৰসাম্য বজাই ৰখাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷