নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুটা সমষ্টিৰ ভোটাৰ তালিকাত নাম প্ৰমোদ বড়োৰঃ অভিযোগ দিব হাগ্ৰামাই

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ইউপিপিএলৰ সভাপতি তথা এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী । মঙলবাৰে কোকৰাঝাৰ গৌৰাং ভেলী হোটেলৰ প্ৰেক্ষাগৃহত আয়োজন কৰা সংবাদমেলত মহিলাৰীয়ে কয় যে ইউপিপিএলৰ সভাপতি তথা বিটিচি নিৰ্বাচনত গয়বাৰী আৰু কোকিলাবাৰী বিটিচি পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো দুটা সমষ্টিৰ ভোটাৰ ।

প্ৰমোদ বড়ো মঙলদৈ লোকসভা আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ ভোটাৰ হোৱাৰ উপৰি কোকৰাঝাৰ লোকসভা আৰু তামুলপুৰ বিধানসভা সমষ্টিৰো ভোটাৰ বুলি মহিলাৰীয়ে তথ্য দাঙি ধৰে । দেশৰ এজন ভোটাৰে দুটা সমষ্টিৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে আৰু সেয়েহে প্ৰমোদ বড়োৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’বলৈ নিৰ্বাচন আয়োগক আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিব বুলি সদৰী কৰিছে মহিলাৰীয়ে । ইপিনে, লকডাউনৰ সময়ছোৱাত চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে ।

You might also like