অসম শ্বুৰা জামাতৰ দাবীঃ নিজামুদ্দিনত এতিয়াও আবদ্ধ অসমৰ ২০২
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ তবলিগ-ই-জামাতলৈ যোৱা অসমৰ ২০২ জন লোক এতিয়াও দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ মছজিদত আবদ্ধ হৈ থকা বুলি দাবী কৰিছে অসম শ্বুৰা জামাতে ।
বিশ্বত ত্ৰাস সৃষ্টি কৰা ন’ভেল ক’ৰোনা ভাইৰাছ এই তবলিগ-ই-জামাতৰ পৰাই সংক্ৰমিত হোৱাৰ তথ্যক লৈ সমগ্ৰ দেশ তোলপাৰ হৈ থকাৰ সময়তে অসম শ্বুৰা জামাতৰ সদস্য আলহাজ ছামছুল আলমে কয়- “মই তাত থকা নিজ পুত্ৰৰ সৈতে সঘনে যোগাযোগ কৰি আছোঁ । জামাতলৈ গৈ তাত এতিয়াও থাকিবলগীয়া অসমৰ কোনো লোক ক’ৰোনাত আক্ৰান্ত হোৱা নাই । অসমৰ ২০২ জন লোক নিজামুদ্দিন মাৰ্কাজ মছজিদত আবদ্ধ হৈ আছে । এই লোকসকলৰ ভিতৰত মৰিগাঁও জিলাৰ ৫৩ জন, নগাঁও জিলাৰ ২৭ জন, বৰপেটাৰ ৫ জন, শিৱসাগৰৰ ৩ জন, তিনিচুকীয়াৰ ৩ জন, যোৰহাটৰ ৫ জন আৰু ধুবুৰীৰ ১০৬ জন ।”