নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বজয়ী ভাৰতীয় দলৰ সদস্যা চিমু দাসৰ গৃহত জিলা আয়ুক্ত

২০২৫ বৰ্ষৰ শ্ৰীলংকাত অনুষ্ঠিত মহিলা দৃষ্টিহীন টি-২০ বিশ্বকাপ ক্ৰিকেটৰ বিজয়ী ভাৰতীয় দলৰ সদস্যা নগাঁও জিলাৰ কঠীয়াতলী কছাৰীবস্তিস্থিত চিমু দাসৰ বাসগৃহত আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ খেলুৱৈগৰাকীৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতত মিলিত হয়।

আয়ুক্তগৰাকীয়ে উল্লেখ কৰে যে, ভিন্ন প্ৰত্যাহ্বান আৰু শাৰীৰিক বাধাকো নেওচি ক্ৰীড়াৰ জগতত নিজৰ অদম্য মানসিক শক্তিৰে চিমু দাসে যি নিদৰ্শন দাঙি ধৰিছে, সেয়া আমাৰ সকলোৰে বাবে এক অফুৰন্ত অনুপ্ৰেৰণাৰ উৎস।

দেশৰ লগতে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা এই খেলুৱৈগৰাকীক জিলা আয়ুক্তগৰাকীয়ে আন্তৰিক শুভকামনা জ্ঞাপন কৰাৰ লগতে আৰ্থিকভাৱে দুৰ্বল ক্ৰীড়াবিদগৰাকীৰ বাসগৃহ আৰু মাটি সংক্ৰান্তীয় সমস্যাসমূহৰ বুজ লৈ তৎমুহূৰ্ততে প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁক এটি ঘৰ প্ৰদানৰ সিদ্ধান্ত লোৱাৰ উপৰি, তেওঁ বস-বাস কৰা মাটিৰ গৰাকীৰ সৈতেও আয়ুক্তগৰাকীয়ে পোনপটীয়াকৈ মত বিনিময় কৰি  মাটি সংক্ৰান্তীয় বিষয়টো সমাধানৰ বাবে আগভাগ লয়।

উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ এই ইতিবাচক সঁহাৰিয়ে নিশ্চয়কৈ চিমু দাসক আগন্তুক দিনত অধিক আগুৱাই যোৱাত মানসিক শক্তি প্ৰদান কৰিব।

বিশেষ বাৰ্তা, নগাঁও, ৯ ডিচেম্বৰ

You might also like