নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত বিশাল গণসমাৱেশেৰে শ্বহীদ দিৱস উদযাপন

অসমৰ মানুহে ইয়াৰ ভৌগলিক, ৰাজনৈতিক, ঐতিহাসিক আৰু পাৰিপাৰ্শিক আদি কাৰণত সদায় এটা অস্তিত্বৰ শঙ্কাত ভূগিব লগীয়া হয়, যিটো দেশৰ অন্য প্ৰান্তৰ লোকৰ ক্ষেত্ৰত নাথাকে

অসমৰ অস্তিত্ব ৰক্ষাৰ প্ৰচেষ্টা সমূহ এতিয়াহে সবলভাবে গ্ৰহণ কৰা হৈছে। আজি তিনিচুকীয়াৰ বৰগুৰিত থকা ল’ৰাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত শ্বহীদ দিৱসত মুখ্য অতিথি হিচাপে দিয়া ভাষণত ৰাজ্যৰ শ্ৰম আৰু শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই এইদৰে কয়।

তেওঁ কয় যে, অসম আন্দোলনৰ মূল উদ্দেশ্য আজি ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত বহু পৰিমাণে সফল হৈছে। অসমৰ জাতি মাটি আৰু ভেটি ৰক্ষাৰ আন্তৰিক প্ৰয়াস চলোৱা হৈছে বুলি তেওঁ ভাষণত দাবী কৰে। সভাত মুখ্য বক্তা হিচাপে দিয়া ভাষণত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা এসময়ৰ ছাত্ৰনেতা যোগেশ বৰুৱাই কয় যে, অসমৰ মানুহে ইয়াৰ ভৌগলিক, ৰাজনৈতিক, ঐতিহাসিক আৰু পাৰিপাৰ্শিক আদি কাৰণত সদায় এটা অস্তিত্বৰ শঙ্কাত ভূগিব লগীয়া হয়, যিটো দেশৰ অন্য প্ৰান্তৰ লোকৰ ক্ষেত্ৰত নাথাকে।

এই শঙ্কা অমূলক বুলি ভবাজন অসম প্ৰেমী হ’ব নোৱাৰে, তেওঁলোক অসমৰ শত্ৰু। অসম আন্দোলনৰ ফলশ্ৰুতিত লাভ কৰা অসম চুক্তিৰ পিছতো সেই শঙ্কা মাৰ নগ’ল। আজিও সেই হেৰাই যোৱাৰ আতঙ্ক এতিয়াও অব্যাহত ৰল বুলি তেওঁ খেদ প্ৰকাশ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে সভাস্থলীত স্থাপন কৰা সুদৃশ্য অস্থায়ী শ্বহীদ স্তম্ভত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে জিলা আয়ুক্ত স্বপ্নীল পালে। এই শ্বহীদ ক্ষেত্ৰত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ উপৰি তিনিচুকীয়া জিলাৰ ১২ গৰাকী শ্বহীদৰ প্ৰতিচ্ছবি স্থাপন কৰি শ্ৰদ্ধা নিবেদন কৰা হয়।

সভাৰ পূৰ্বে জিলাখনৰ শতাধিক বিশিষ্ট শিল্পীয়ে ড: ভূপেন হাজৰিকাৰ অমৰ গীত ‘শ্বহীদ প্ৰণামো তোমাক ‘ পৰিবেশন কৰে। প্ৰায় ১০ হাজাৰ লোক সমবেত হোৱা মুকলি সভাত অন্যান্য সকলৰ লগতে অসম আন্দোলনৰ শ্বহীদ মুনিন্দ্ৰ গোহাঁইৰ নিকট আত্মীয় কন্দনী গোহাঁই আৰু শ্বহীদ পূণ্যলতা গোহাঁইৰ নিকট আত্মীয় তপন গোহাঁইও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

সভাৰ অন্তত ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত বিশিষ্ট অতিথি সকলৰ দ্বাৰা ৮৬০ গছি বন্তি প্ৰজ্বলন কৰা হয়। সভাৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ বিশাল পৰ্দাৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়। সন্ধিয়া চৰকাৰী কাৰ্যালয়সমূহ আলোকসজ্জিত কৰি তোলা হয়।

নিয়মীয়া বাৰ্তা, তিনিচুকীয়া, ১০ ডিচেম্বৰ

You might also like