নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈ বালিজানত পথ দুৰ্ঘটনাত এজনৰ প্ৰাণহানি…

মটৰ চাইকেলেৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা

বিশেষ বাৰ্তা, ১১ ডিচেম্বৰ : ডিগবৈ বালিজানত পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। নিহত লোকজন বালিজান নিৱাসী তুলেশ্বৰ দাস ওৰফে দম্বেশ্বৰ । তুলেশ্বৰ দাস ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ এজন ঠিকা শ্ৰমিক আছিল।

ডিগবৈ বালিজানৰ বাসিন্দা তথা এ অ চি লেবাৰ ইউনিয়নৰ প্ৰাক্তন সভাপতি মুখেশ্বৰ দাসৰ ভাতৃ তুলেশ্বৰ দাস। AS-23 Y-1246 নম্বৰৰ মটৰ চাইকেলেৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত খুন্দা মৰাত নিহত হয় তুলেশ্বৰ দাস ।

স্থানীয় ৰাইজে প্ৰাথমিক চিকিৎসাৰ বাবে ডিগবৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে পৰীক্ষাৰ অন্তত মৃত বুলি ঘোষণা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

You might also like