নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত পুনৰ ৪৮ জন ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ চীনৰ মূল ভূখণ্ডত কালি পুনৰ ৪৮ গৰাকী লোক মাৰাত্মক ক’ৰোনা ভাইৰাছত সংক্ৰমিত হৈছে । দেশখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে এক বিবৃতিযোগে ঘোষণা কৰিছে এই তথ্য ।

উল্লেখ্য যে ইযাৰ পূৰ্বৰ দিনা ৩১ গৰাকী লোক নতুনকৈ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল দেশখত । ক’ৰোনা ভাইৰাছৰ দ্বাৰা নতুনকৈ চীনত এই লোকসকল আক্ৰান্ত হোৱাৰ পিছতে দেশখনত এই মাৰাত্মক ভাইৰাছবিধে দ্বিতীয় পৰ্যায়ৰ মহামাৰীৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে দেশখনৰ স্বাস্থ্য আয়োগে ।

স্মৰ্তব্য যে এই ৪৮ জন লোক বিদেশৰ পৰা গৃহভূমিক আহি প্ৰৱেশ কৰিছিল বুলি ঘোষণা কৰিছে চীন চৰকাৰে । বৰ্তমান দেশখনৰ অভ্যন্তৰত থকা কোনো লোক ক’ৰোনাত আক্ৰান্ত হোৱা নাই । কিন্তু বিদেশৰ পৰা অহা লোকসকল এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’বলৈ লৈছে । এতিয়ালৈকে চীনত বিদেশৰ পৰা অহা ৭৭১ গৰাকী লোক মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে ।

You might also like