খালী পদৰ তালিকা দাখিলৰ নির্দেশ ৰাজ্য চৰকাৰৰ
অহা ২০ ডিচেম্বৰৰ ভিতৰত আইএছসকলে খালী পদৰ তালিকা মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ প্রেৰণ কৰিব লাগিব৷ এই তালিকাত ২০২৬ চনৰ ৩১ মার্চত খালী হ’বলগীয়া পদসমূহৰ তথ্যও সন্নিৱিষ্ট কৰিবলৈ কোৱা হৈছে৷
চলিত বর্ষৰ শেষত প্রকাশ পাব স্নাতক (কলা–বিজ্ঞান–গণিত–) আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নতুন বিজ্ঞাপন৷ বিভাগীয় শীর্ষ কর্তৃপক্ষৰ নির্দেশমর্মে ইয়াৰ বাবে তৎপৰ হৈ পৰিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়৷
যাৰ অংশ হিচাপে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক (আইএছ)ক খালী হৈ থকা স্নাতক (কলা–বিজ্ঞান–গণিত–) আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে তালিকা দাখিল কৰিবলৈ নির্দেশ দিছে৷
অহা ২০ ডিচেম্বৰৰ ভিতৰত আইএছসকলে খালী পদৰ তালিকা মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ প্রেৰণ কৰিব লাগিব৷ এই তালিকাত ২০২৬ চনৰ ৩১ মার্চত খালী হ’বলগীয়া পদসমূহৰ তথ্যও সন্নিৱিষ্ট কৰিবলৈ কোৱা হৈছে৷
বিষয়টোক অতি গুৰুত্বসহকাৰে গ্রহণ কৰিবলৈ নির্দেশটোত আইএছসকলৰ প্রতি স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷ ইফালে শেহতীয়াকৈ নৱনিযুক্ত স্নাতক–স্নাতকোত্তৰ শিক্ষকসকলৰ পোষ্টিঙক লৈও তৎপৰ হৈ পৰিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়৷
অহা ৪৮ ঘণ্টাৰ ভিতৰত জিলাই জিলাই সম্পন্ন হ’ব এইসকল নৱনিযুক্ত স্নাতক–স্নাতকোত্তৰ শিক্ষকৰ পোষ্টিং৷ জিলা আয়ুক্তৰ অধ্যক্ষতাত গঠিত জিলা পর্যায়ৰ সমিতিৰ তত্ত্বাৱধানত এই প্রক্রিয়াটো সম্পন্ন হ’ব৷ ইতিমধ্যে এই সন্দর্ভত জিলা ভিত্তিত নির্দেশনা জাৰি কৰা হৈছে৷
সুকীয়া সুকীয়াকৈ সংশ্লিষ্ট জিলাৰ আইএছে নির্দেশনা জাৰি কৰিছে৷ সেই অনুসৰি অহা ১২ ডিচেম্বৰত মাজুলীত, ১৬ ডিচেম্বৰত গোৱালপাৰাত আৰু ১৩ ডিচেম্বৰত মৰিগাঁও জিলাত ইয়াৰ বাবে দিন ধার্য কৰা হৈছে৷ ৰাজ্যৰ অন্যান্য জিলাতো অব্যাহত আছে অনুৰূপ প্রক্রিয়া৷
ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ