নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চণ্ডীগড়ত হাৰিল ভাৰত, টি–২০ শৃংখলাত সমতা স্থাপন দক্ষিণ আফ্রিকাৰ

শুভমন গিল আৰু অধিনায়ক সূর্যকুমাৰ যাদৱ আজিও ব্যর্থ হয়৷ গিলে কোনো ৰান নকৰাকৈ বিদায় লোৱাৰ বিপৰীতে সূর্যকুমাৰে মাত্র ৫ ৰানহে কৰে৷ দক্ষিণ আফ্রিকাৰ হৈ বার্টমেনে সর্বাধিক ৪টা উইকেট লাভ কৰে৷

দক্ষিণ আফ্রিকাই চলিত পাঁচখনীয়া টি–২০ শৃংখলাত সমতা স্থাপন কৰিছে৷ নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন মেচত প্রটিয়াজ বাহিনীয়ে টীম ইণ্ডিয়াক ৫১ ৰানত পৰাস্ত কৰে৷ মেচখনত দক্ষিণ আফ্রিকাই জয়ৰ বাবে বান্ধি দিয়া ২১৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি তিলক বার্মাৰ ৬১, জিতেশ শর্মাৰ ২৭, অক্ষৰ পেটেলৰ ২১, হার্দিক পাণ্ডিয়াৰ ২০ আৰু অভিষেক শর্মাৰ ১৭ ৰানৰ সহায়ত ভাৰতে ১৯.১ অভাৰত ১৬২ ৰানহে কৰে৷

শুভমন গিল আৰু অধিনায়ক সূর্যকুমাৰ যাদৱ আজিও ব্যর্থ হয়৷ গিলে কোনো ৰান নকৰাকৈ বিদায় লোৱাৰ বিপৰীতে সূর্যকুমাৰে মাত্র ৫ ৰানহে কৰে৷ দক্ষিণ আফ্রিকাৰ হৈ বার্টমেনে সর্বাধিক ৪টা উইকেট লাভ কৰে৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ কুইণ্টন ডি ক’কৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত দক্ষিণ আফ্রিকাই নির্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২১৩ ৰান সংগ্রহ কৰে৷ দলীয় স্ক’ৰ ৩৮ ৰানত অ’পেনাৰ ৰীজা হেনড্রিক্ছক হেৰুৱায় যদিও আনগৰাকী অ’পেনাৰ ডি ক’কে অধিনায়ক এইডেন মার্কৰামৰ সৈতে লগ লাগি দ্বিতীয় উইকেটত ৮৩ ৰান সংগ্রহ কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷

হেনড্রিক্ছে ৮ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে মার্কৰামে ২৯ ৰানৰ অৱদান আগবঢ়ায়৷ মাত্র ১০ ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হয় ডি ক’ক৷ ৪৬টা বলত ৫টা চাৰি আৰু ৭টা ছয়েৰে ৯০ ৰানত বিদায় লয় ডি ক’কে৷ আউট হোৱাৰ পূর্বে অ’পেনাৰগৰাকীয়ে দেৱাল্ড ব্রেভিছৰ সৈতে তৃতীয় উইকেটত ৩৫ ৰান সংগ্রহ কৰে৷ ব্রেভিছে ১৪ ৰানত বিদায় লয়৷

ইফালে ড’ন’ভান ফেৰেইৰাই ডেভিদ মিলাৰৰ সৈতে লগ লাগি পঞ্চম উইকেটত অপৰাজিতভাৱে ৫৩ ৰান সংগ্রহ কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ ড’ন’ভানে ১৬টা বলত ১টা চাৰি আৰু ৩টা ছয়েৰে অপৰাজিতভাৱে ৩০ ৰান কৰাৰ বিপৰীতে মিলাৰে ১২টা বলত দুটা চাৰি আৰু এটা ছয়েৰে ২০ ৰান কৰি অপৰাজিত হৈ থাকে৷

ইপিনে ভাৰতৰ অর্শদীপ সিঙে এক অনাকাংক্ষিত অভিলেখ গঢ়ে৷ টি–২০ ক্রিকেটত প্রথমগৰাকী ভাৰতীয় হিচাপে দীর্ঘতম অভাৰ কৰে অর্শদীপে৷ পেচ বলাৰগৰাকীয়ে এটা অভাৰত ১৩টা বল কৰে৷ অভাৰটোত আছিল ৭টাকৈ ৱাইড বল৷

ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ

You might also like