নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অব্যাহত হাতী-মানুহৰ সংঘাত : গচকত প্ৰাণহানি মহিলাৰ, জনাঞ্চলত বন্যহস্তী

বনৰীয়া হাতীৰ গচকত প্ৰাণ হেৰুৱালে মহিলাই, ঢেকেৰিগাঁৱত বনৰীয়া হাতী পোৱালিৰ মৃত্যু, হোজাইত অব্যাহত বন্যহস্তীৰ মুক্ত বিচৰণ, খাদ্যৰ সন্ধানত জনাঞ্চলত বৃহৎ বন্যহস্তীৰ জাক

বনৰীয়া হাতীৰ গচকত প্ৰাণ হেৰুৱালে মহিলাই

সোণাৰিৰ থুকুবিলৰ বিজয়পামত অঘটন। বনৰীয়া হাতীৰ গচকত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। হীৰামণি শৰ্মা নামৰ মহিলাগৰাকীয়ে থুকুবিলৰ বিজয়পাম পৰা টাওকাক নদী পাৰ হৈ সোণাৰি নগৰৰ শান্তিপুৰলৈ দিন হাজিৰা কৰিবলৈ আহোঁতে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয়। বৰ্তমান সোণাৰি আৰক্ষী আৰু বন বিভাগে মৃতদেহ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ঢেকেৰিগাঁৱত বনৰীয়া হাতী পোৱালিৰ মৃত্যু

শোণিতপুৰৰ বালিপৰাৰ পানিপোটা ঢেকেৰিগাঁৱত এটি বনৰীয়া হাতী পোৱালিৰ মৃত্যু ঘটে।কেইবদিনধৰি বালিপৰা আৰু ৰঙাপৰাত নিশা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা হাতীৰ জাকে উপদ্ৰৱ চলাই আহিছিল। যোৱা নিশাও হাতীৰ জাকটো বালিপৰাৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাইছিল। আৰু সেই হাতীজাকটোৰ মাজৰে এটি ডেৰ দুইমহীয়া এটা বনৰীয়া হাতী পোৱালি মৃত্যুঘটে। বনকৰ্মীয়ে জনোৱামতে হয়তো হাতীৰ জাকটোৰ গচকখোৱাৰ ফলতে হাতী পোৱালিটোৰ মৃত্যু ঘটিছে। ইফালে জাকৰ মাজৰ পৰা বিছিন্ন হৈ পৰা পোৱালি হাতীটোৰ মাকক খেদিবলৈ চেষ্টা চলায়ইছে বন বিভাগৰ লোকে।

হোজাইত অব্যাহত বন্যহস্তীৰ মুক্ত বিচৰণ

হোজাইত অব্যাহত বন্যহস্তীৰ মুক্ত বিচৰণ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰৱেশ বন্যহস্তীৰ জাকৰ। ওৰেনিশা ঢলপুখুৰীৰ বৃহত্তৰ অঞ্চলত উপদ্ৰৱ চলাই পুৱাৰ ভাগতে বালুহণ্ডল আৰু জামুহণ্ডলত চলায় উপদ্ৰৱ। বন্যহস্তী খেদাত ব্যৰ্থ বন বিভাগ। বন বিভাগৰ পৰিবৰ্তে স্থানীয় ৰাইজে হাতী খেদে।

খাদ্যৰ সন্ধানত জনাঞ্চলত বৃহৎ বন্যহস্তীৰ জাক

খাদ্যৰ সন্ধানত জনাঞ্চলত বৃহৎ বন্যহস্তীৰ জাক। প্ৰায় 20/30 দিনীয়া বহু পোৱালিসহ বন্যহস্তীৰ জাকটো নামবৰ বনাঞ্চলৰ পৰা প্ৰতি নিশা ওলাই আহে খাদ্যৰ সন্ধানত। বনাঞ্চলৰ পৰা প্ৰায় 30/40 কিলোমিটাৰ পথ অতিক্ৰমি ধনশিৰি নদী পাৰ হৈ বৃহত্তৰ চিনাতলী, গৰঙা, শেনছোৱা আদি অঞ্চলত প্ৰৱেশ কৰি কৃষকৰ পথাৰৰ ধান বাৰীৰ কলগছ খাই পুৱা পুনৰ বনাঞ্চলৰ দিশে গতি কৰে। সন্ধ্যা হোৱাৰ লগে লগেই আকৌ ওলাই আহে খাদ্যৰ সন্ধানত। গোলাঘাট জিলাৰ চিনাতলীৰ ঘটনা এয়া।

ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ

You might also like