ৰাজ্যৰ সীমাক লৈ নহয়, জিলাৰ সীমাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ভূমিৰ প্ৰকৃত গৰাকীসকলে সোৱণশিৰি ৰাজহচক্ৰৰ চক্ৰ বিষয়া, ঢকুৱাখনা সম জিলাৰ আয়ুক্ত, লখিমপুৰ জিলাৰ আয়ুক্ত, ঘিলামৰা আৰক্ষী থানা আৰু লখিমপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰিছে যদিও এই পৰ্যন্ত ন্যায় লাভ কৰা নাই
দুই ৰাজ্যৰ সীমাত নহয় এইবাৰ দুই জিলাৰ সীমান্তৰ ভূমিক লৈ সংঘাত। ধেমাজি জিলাৰ একাংশ লোকে খেতিপথাৰ জ্বলাই দি গছ কাটি কৰিলে তহিলং। অভিযোগৰ পিছতো গুৰুত্ব নাই বন বিভাগ, জিলা প্ৰশাসনৰ। ম্যাদী পট্টাৰ ভূমি বেদখলমুক্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীক।
অসম-নগালেণ্ড বা অৰুণাচল সীমান্তত নহয় এইবাৰ অসমৰ দুখন জিলাৰ সীমান্তৰ খেতিপথাৰ জ্বলাই দি, বনভূমিৰ গছ কাটি তহিলং কৰিলে একাংশ দুষ্কৃতিকাৰীয়ে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলা আৰু ধেমাজি জিলাৰ সীমান্তৰ সোৱণশিৰি ৰাজহচক্ৰৰ খুৰখচুক গাঁৱৰ এক বৃহৎ এলেকাত।
উল্লেখ্য যে লখিমপুৰ জিলাৰ সোৱণশিৰি ৰাজহচক্ৰ আৰু ধেমাজি জিলাৰ গোগামুখ ৰাজহচক্ৰৰ সীমান্তৰ খুৰাচুক মেপৰ কেইবাটাও দাগৰ ম্যাদী পট্ৰাৰ মাটিত থকা বৃহৎ বৃহৎ গছ কাটি তাৰ ওচৰত থকা ধান আৰু সৰিয়হৰ খেতি জ্বলাই দি ধেমাজি জিলাৰ একাংশ লোকে। লখিমপুৰ জিলাৰ লোকৰ ভূমি বেদখল কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ভূমিৰ প্ৰকৃত গৰাকীসকলে সোৱণশিৰি ৰাজহচক্ৰৰ চক্ৰ বিষয়া, ঢকুৱাখনা সম জিলাৰ আয়ুক্ত, লখিমপুৰ জিলাৰ আয়ুক্ত, ঘিলামৰা আৰক্ষী থানা আৰু লখিমপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰিছে যদিও এই পৰ্যন্ত ন্যায় লাভ কৰা নাই।
সেয়ে দুষ্কৃতিকাৰীয়ে বলপূৰ্বকভাৱে গছ গছনি কাটি খেতি পথাৰ জ্বলাই দি বেদখল কৰা ম্যাদী পট্টাৰ ভূমিখিনি বেদখলমুক্ত কৰি প্ৰকৃত গৰাকীয়ে ঘূৰাই পোৱাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে ভুক্তভোগীসকলে। উল্লেখ্য যে লখিমপুৰ জিলাৰ কৃষকৰ ম্যাদী পট্টাৰ ভূমিত আহি ধেমাজি জিলাৰ দুষ্কৃতিকাৰীয়ে গছ গছনি কাটি খেতি পথাৰ জ্বলাই দিয়া কাৰ্য্যক গৰিহণা দি, শীঘ্ৰেই লখিমপুৰ জিলা প্ৰশাসনক এই সন্দৰ্ভত জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম আহোম সভাৰ লখিমপুৰ জিলা সমিতিয়েও দাবী জনাইছে।
ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ