মাজুলীত অবাধ হাৰত বৃদ্ধি অবৈধ সুৰাৰ বেহা
মাজুলীৰ সচেতন ৰাইজে মাজুলী আৰক্ষীক আহ্বান জনাইছে মাজুলীলৈ চাৰিও দিশৰ পৰা যাতে কোনো কাৰণতেই অবৈধ সুৰা অসাধু চক্ৰই আনিব নোৱাৰে তাৰ বাবে মাজুলী আৰক্ষী আৰু মাজুলী অৱকাৰী বিভাগে নজক ৰাখক
মাজুলী জিলাখনত অবৈধ সুৰাৰ বেহা দিনক দিনে বৃদ্ধি পাব ধৰিছে। সেই সেই অবৈধ বেহা বন্ধ কৰিবলৈ মাজুলী আৰক্ষীয়ে মাজে সময়ে চলাই আহিছে অভিযান । এই অভিযানৰ অংশ হিচাপে যোৱা সপ্তাহত মাজুলী আৰক্ষীয়ে জিলাখনৰ বিভিন্ন অঞ্চলত গোপনে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।
সেই অনুসৰি এই অবৈধ বেহা নিৰ্মূলৰ বাবে নিৰ্দিষ্ট এলেকাধিন থানা সমূহত নিম্নলিখিত গোচৰ আৰু দৈনিক পঞ্জী নং অনুসৰি বিভিন্ন আৰক্ষী থানাত এই অবৈধ সুৰা সৰবৰাহ, সংৰক্ষণ আৰু বিক্ৰী কৰা অপৰাধীকেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে মাজুলী আৰক্ষীয়ে।
সেই অভিযানৰ অংশ বিশেষ, দক্ষিণ কমলাবাৰীৰ ধাপাক গাঁও নিবাসী জ্যোতিমাই পায়েঙৰ ঘৰৰপৰা জব্দ ৯.৫ লিটাৰ অবৈধ সুৰা (মাজুলী থানা দৈনিক পঞ্জী নং ১৮), কমলাবাৰী চাৰি- আলিস্থিত এটা মটৰ গেৰেজৰ এখন বাহনৰপৰা জব্দ ৩.৪৬৫ লিটাৰ অবৈধ সুৰা (মাজুলী থানা দৈনিক পঞ্জী নং ১৮ ) ,গড়মূৰ মধুপুৰ ফুটুকী গাঁও নিবাসী মিনু পেগুৰ ঘৰৰপৰা জব্দ ৫.০৩০ লিটাৰ অবৈধ সুৰা (গৰমূৰ আৰক্ষী থানা দৈনিক পঞ্জী নং ১২), ২ নং ফুটুকী গাঁও নিবাসী বিলৱতী পেগুৰ ঘৰৰপৰা জব্দ ৭.১০৫ লিটাৰ অবৈধ সুৰা ( গড়মূৰ আৰক্ষী থানা দৈনিক পঞ্জী নং ১৬), মাজুলী ব্লক তিনি আলি নিবাসী নাৰায়ণ বৰুৱাৰ ঘৰৰপৰা জব্দ ২.২ লিটাৰ অবৈধ সুৰা (মাজুলী থানা দৈনিক পঞ্জী নং ১৮) মতে অভিযান চলাই অবৈধ সুৰাখিনি জব্দ কৰে ।
উল্লেখযোগ্য যে , জিলাখনত দিনক দিনে বৃদ্ধি পোৱা অবৈধ সুৰাৰ বেপাৰ চলাই থকা অসাধু ব্যক্তি সকলে গড়মূৰ, কমলাবাৰী প্ৰধান স্থানকে প্ৰমুখ্যে কৰি মাজুলীৰ আন আন স্থান সমূহত নিজৰ ঘৰ, দোকান, হাবি জংঘলত ৰখাৰ উপৰিও সন্ধ্যা নামি অহাৰ লগে লগে এচাম অসাধু বেপাৰীয়ে আৰক্ষী আৰু ৰাইজৰ চকুত ধূলি মাৰি আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি স্কুতিৰ দিকিত ভৰাই , নিজৰ শৰীৰৰ চাৰিওফালে আৰু পকেটত সুৰাৰ বটল ভৰাই ঘূৰ্ণিয়ামান ভাৱে বহুতে এই বেহাত লিপ্ত হৈ পৰিবেশ বিনষ্ট কৰি নৱ প্ৰজন্মক ধ্বংসৰ গ্ৰৰাহলৈ ঠেলি দিছে। তাতপৰ্যপূৰ্ণ কথাটো কথাটো হল আজিকালি মাজুলীৰ প্ৰধান ঠাই সমূহৰ উপৰিও গাঁৱৰ চুকে কোনে পথৰ ওপৰত মদৰ বটল প্ৰায়েই প্ৰত্যক্ষ কৰি আহিছে।
এই অবৈধ সুৰা সমূহ কেনেকৈ মাজুলিলৈ সৰবৰাহ হৈ আহিছে দশক লৈওঁ সচেতন মহলে আৰক্ষী আৰু আৱকাৰী বিভাগক প্ৰশ্ন তুলিছে। সেয়ে মাজুলীৰ সচেতন ৰাইজে মাজুলী আৰক্ষীক আহ্বান জনাইছে মাজুলীলৈ চাৰিও দিশৰ পৰা যাতে কোনো কাৰণতেই অবৈধ সুৰা অসাধু চক্ৰই আনিব নোৱাৰে তাৰ বাবে মাজুলী আৰক্ষী আৰু মাজুলী অৱকাৰী বিভাগক চোকা নজৰ ৰাখিছে।
অভিযানলৈ কেৰেপ নকৰা অসাধু ব্যৱসায়ী সকলে মাজুলী আৰক্ষীৰ গোপনে অভিযানলৈ ভুক্ষেপ নকৰি চলাই আছে ৰমৰমীয়া বেহা। এই বিষয়ে গোপন পম খেদি তীব্ৰতাৰ কৰি তুলিছে অভিযান আৰু তাৰ অংশ হিচাপে বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল। মাজুলী আৰক্ষীয়ে চলিত সপ্তাহত এইক্ষেত্ৰত নিম্নলিখিত গোচৰ আৰু দৈনিক পঞ্জী নং অনুসৰি বিভিন্ন আৰক্ষী থানাত এই অবৈধ সুৰা সৰবৰাহ, সংৰক্ষণ আৰু বিক্ৰী কৰা অপৰাধীকেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লোৱা হৈছে।
সেই অনুসৰি বনগাঁও আৰক্ষী চকী দৈনিক পঞ্জী নং ১৪, তাং ০১ডিচেম্বৰ তাৰিখে বনগাঁও পেট্ৰল পাম্পৰ সমীপৰ লাটুম বৰাৰ ঘৰৰপৰা জব্দ সৰ্বমুঠ ১১ লিটাৰ অবৈধ সুৰা, মাজুলী আৰক্ষী থানা দৈনিক পঞ্জী নং ১৮, ৪ ডিচেম্বৰ তাৰিখে মিছামাৰী অঞ্চলৰ দণ্ডীৰাম বনিয়াৰ ঘৰৰপৰা জব্দ সৰ্বমুঠ ৪.০৬৫ লিটাৰ অবৈধ সুৰা, গড়মূৰ আৰক্ষী থানা দৈনিক পঞ্জী নং ৩২, তাং ১o ডিচেম্বৰ তাৰিখে বৰগুৰি অঞ্চলৰ সমীপৰ ‘Ajon Restaurent’, স্বত্বাধিকাৰী – নীলমজ্যোতি মিলি (পলাতক)- ৰপৰা জব্দ সৰ্বমুঠ ১৩.২০ লিটাৰ অবৈধ সুৰা, বালি চাপৰি আৰক্ষী চকী দৈনিক পঞ্জী নং ১৭৬, তাং ১০ ডিচেম্বৰ তাৰিখে চেলেক নলদুৱাৰ অঞ্চলৰ হৰকান্ত দলেৰ বিপনীৰ পৰা জব্দ সৰ্বমুঠ ১৫.২৯৫ লিটাৰ অবৈধ সুৰা, মাজুলী আৰক্ষী থানা দৈনিক পঞ্জী নং ১৬, তাৰিখ ১০ ডিচেম্বৰ (R/No. TG 079751 স্কুটিখনৰ গৰাকীৰ পৰা মুঠ ১.৮১৫ লিটাৰ অবৈধ সুৰা,বনগাঁও আৰক্ষী চকীৰ অন্তৰ্গত যোগী বণিয়া গাঁৱৰ ঘন বণিয়াৰ ঘৰত নষ্ট কৰা এক গেলন চুলাই মদ, মাজুলী থানাৰ অন্তৰ্গত তামোলনি মিচিং গাঁৱৰ ৰাজীৱ দলেৰ ঘৰত নষ্ট কৰা হ’ল তিনি গেলন চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয়।
মাজুলী আৰক্ষীৰ পৰা জানিব পৰা মতে মাজুলী জিলাত অবৈধ সুৰা আৰু চুলাই মদৰ ঘাটিসমূহৰ বিৰুদ্ধে মাজুলী আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু এওঁ অভিযান অধিক তীব্ৰতৰ কৰি তুলিব। মাজুলীক নিচামুক্ত কৰি ইয়াৰ যুৱ প্ৰজন্মৰ মাজত উশৃংখলতা শিপাই নাযাবলৈ হ’লে আমি এই অবৈধ সুৰাৰ ঘাটিসমূহ উৎখাত কৰিবই লাগিব আৰু তাৰ কাৰণে মাজে- মাজে এই ধৰণৰ অভিযান সমূহ মাজুলী আৰক্ষীৰ তৎপৰতাত চলি আছে, চলি থাকিব।
সেই অবৈধ বেহা বন্ধ কৰিবলৈ মাজুলী আৰক্ষীয়ে মাজে সময়ে চলাই এই অভিযানৰ অংশ হিচাপে বিগত সময়ছোৱাত মাজুলী আৰক্ষীয়ে জিলাখনৰ বিভিন্ন অঞ্চলত গোপনে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। সেই অনুসৰি এই অবৈধ বেহা নিৰ্মূলৰ বাবে নিৰ্দিষ্ট এলেকাধিন থানা সমূহত নিম্নলিখিত গোচৰ আৰু দৈনিক পঞ্জী নং অনুসৰি বিভিন্ন আৰক্ষী থানাত এই অবৈধ সুৰা সৰবৰাহ, সংৰক্ষণ আৰু বিক্ৰী কৰা অপৰাধীকেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে মাজুলী আৰক্ষীয়ে।
সেই অভিযানৰ অংশ বিশেষ, দক্ষিণ কমলাবাৰীৰ ধাপাক গাঁও নিবাসী জ্যোতিমাই পায়েঙৰ ঘৰৰপৰা জব্দ ৯.৫ লিটাৰ অবৈধ সুৰা (মাজুলী থানা দৈনিক পঞ্জী নং ১৮), কমলাবাৰী চাৰি- আলিস্থিত এটা মটৰ গেৰেজৰ এখন বাহনৰপৰা জব্দ ৩.৪৬৫ লিটাৰ অবৈধ সুৰা (মাজুলী থানা দৈনিক পঞ্জী নং ১৮ ),গড়মূৰ মধুপুৰ ফুটুকী গাঁও নিবাসী মিনু পেগুৰ ঘৰৰপৰা জব্দ ৫.০৩০ লিটাৰ অবৈধ সুৰা (গৰমূৰ আৰক্ষী থানা দৈনিক পঞ্জী নং ১২), ২ নং ফুটুকী গাঁও নিবাসী বিলৱতী পেগুৰ ঘৰৰপৰা জব্দ ৭.১০৫ লিটাৰ অবৈধ সুৰা ( গড়মূৰ আৰক্ষী থানা দৈনিক পঞ্জী নং ১৬), মাজুলী ব্লক তিনি আলি নিবাসী নাৰায়ণ বৰুৱাৰ ঘৰৰপৰা জব্দ ২.২ লিটাৰ অবৈধ সুৰা (মাজুলী থানা দৈনিক পঞ্জী নং ১৮) মতে অভিযান চলাই অবৈধ সুৰাখিনি জব্দ কৰে ।
উল্লেখযোগ্য যে জিলাখনত দিনক দিনে বৃদ্ধি পোৱা অবৈধ সুৰাৰ বেপাৰ চলাই থকা অসাধু ব্যক্তি সকলে গড়মূৰ, কমলাবাৰী প্ৰধান স্থানকে প্ৰমুখ্যে কৰি মাজুলীৰ আন আন স্থান সমূহত নিজৰ ঘৰ, দোকান, হাবি জংঘলত ৰখাৰ উপৰিও সন্ধ্যা নামি অহাৰ লগে লগে এচাম অসাধু বেপাৰীয়ে আৰক্ষী আৰু ৰাইজৰ চকুত ধূলি মাৰি আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি স্কুতিৰ দিকিত ভৰাই , নিজৰ শৰীৰৰ চাৰিওফালে আৰু পকেটত সুৰাৰ বটল ভৰাই ঘূৰ্ণিয়ামান ভাৱে বহুতে এই বেহাত লিপ্ত হৈ পৰিবেশ বিনষ্ট কৰি নৱ প্ৰজন্মক ধ্বংসৰ গ্ৰৰাহলৈ ঠেলি দিছে।
তাতপৰ্যপূৰ্ণ কথাটো কথাটো হল আজিকালি মাজুলীৰ প্ৰধান ঠাই সমূহৰ উপৰিও গাঁৱৰ চুকে কোনে পথৰ ওপৰত মদৰ বটল প্ৰায়েই প্ৰত্যক্ষ কৰি আহিছে । এই অবৈধ সুৰা সমূহ কেনেকৈ মাজুলিলৈ সৰবৰাহ হৈ আহিছে দশক লৈওঁ সচেতন মহলে আৰক্ষী আৰু আৱকাৰী বিভাগক প্ৰশ্ন তুলিছে । সেয়ে মাজুলীৰ সচেতন ৰাইজে মাজুলী আৰক্ষীক আহ্বান জনাইছে মাজুলীলৈ চাৰিও দিশৰ পৰা যাতে কোনো কাৰণতেই অবৈধ সুৰা অসাধু চক্ৰই আনিব নোৱাৰে তাৰ বাবে মাজুলী আৰক্ষী আৰু মাজুলী অৱকাৰী বিভাগক চোকা নজৰেৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
বিশেষ বাৰ্তা, মাজুলী, ১২ ডিচেম্বৰ