নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলপুৰৰ কেন্দুকোণাত তীৰ খেলৰ মুকলি বেহা, অনলাইনত চলে দৈনিক লাখ লাখ টকাৰ খেল

নিয়মীয়া বাৰ্তা, কমলপুৰ, ১২ ডিচেম্বৰ : কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোণাত তীৰ খেলৰ বুকীয়ে প্ৰায় মুকলিকৈ তীৰ খেলৰ প্ৰচলন চলাই থকা বিষয়টোৱে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে ৷

উত্থাপিত অভিযোগ অনুসৰি, জনৈক পাঠক নামৰ এগৰাকী বুকীৰ নেতৃত্বত চলি আছে তীৰ খেলৰ ৰমৰমীয়া বেহা । কামৰূপ জিলাৰ কেইবাখনো থানাৰ আৰক্ষীয়ে ইতিমধ্যে একাধিকবাৰ জিলাখনৰ লোচ-মুক্তাপুৰ, বালিকুছি আদিকে ধৰি পাতিদৰং এলেকাৰ তীৰ খেলৰ বুকী তথা মালিক একাংশক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে যদিও আৰক্ষীৰ নাকৰ তলতে কেন্দুকোণাৰ মাজমজিয়াত ৰমৰমীয়াকৈ জনৈক পাঠকে তীৰ খেল চলাই থকাৰ পিছতো কি কাৰণত স্মাৰ্ট  আৰক্ষীয়ে এতিয়ালৈকে ঢুকি পোৱা নাই সেয়া ৰহস্যৰ আৱৰ্তত৷

সম্প্ৰতি কেপি (খানাপাৰা) শ্বিলং আৰু ভূটানকে ধৰি তিনিটা স্থানৰ তীৰ খেলৰ বুকীসকলৰ নম্বৰ কটা পদ্ধতিটো মোবাইলৰ মাধ্যমেৰে চলি আছে ৷ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা কলেজীয়া ছাত্ৰলৈকে তীৰ খেলৰ কবলত পৰি সহজলভ্য ধনৰ লোভত প্ৰতিখন খেলতেই পাঁচ-দহ টকাৰ পৰা দহ-পোন্ধৰ হাজাৰ টকালৈকে নম্বৰ কাটি একাংশ লোকৰ লাওলোৱা অৱস্থা হোৱাৰ পিছতো এৰা নাই নম্বৰ কাটিবলৈ ৷ ডিজিটেল মাধ্যম হোৱা বাবে সন্ধিয়া পাঁচ বজাৰ লগে লগে আহে আটাইকেইখন খেলৰ ফলাফল ৷ সৰ্বসাধাৰণৰ পৰা দৈনিক লাখ লাখ টকা সংগ্ৰহ কৰি একাংশ তীৰ খেলৰ মালিক কম সময়ৰ ভিতৰতে লাখপতি হৈ পৰিছে, যাৰ বাবে উক্ত একাংশ মালিকে এচাম আৰক্ষীক নিজৰ পকেটত ৰখা বুলিয়েই ক’ব বিচাৰে সচেতন ৰাইজে ৷

You might also like