নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : স্মৃতিয়ে দেখুওৱা পথ

সাধাৰণতে মানসিকভাৱে পুৰুষৰ তুলনাত দুর্বলী বুলি ভবা বহু মহিলাকো স্মৃতিয়ে এই কথাৰ শিকনি দিছে যে এটা প্রেমৰ সম্পর্কত সামান্যতমো বিশ্বাসঘাতকতাৰ প্রমাণ পালেই এই সম্পর্কৰ পৰা শক্তিশালীভাৱে আঁতৰি আহক৷

উইকেটত বিপক্ষৰ বলাৰক শক্তিশালী প্রহাৰ আৰু মেচত দৃঢ়তাপূর্ণ খেলেৰে ইতিমধ্যে দর্শকৰ হূদয়ত অনন্য স্থান গঢ়ি লৈছে দেশৰ তাৰকা মহিলা ক্রিকেটাৰ স্মৃতি মান্ধানাই৷ কেৱল খেলেৰেই নহয়, বিপক্ষৰ বিৰুদ্ধে মেচত শক্তিশালী মেজাজৰ বাবেও স্মৃতি দর্শকৰ প্রিয়৷ খেল আৰু ব্যক্তিত্ব দুয়োটাতে শক্তিশালী স্মৃতি ভাৰতৰ প্রথমগৰাকী মহিলা ছুপাৰষ্টাৰ ক্রিকেটাৰ৷

কোটি কোটি ক্রিকেটপ্রেমীৰ হিয়াৰ আমঠু সেই স্মৃতিৰে বিয়া নিশ্চিতভাৱেই সকলোৰে বাবে আকর্ষণৰ চর্চিত বিন্দু৷ দীর্ঘদিনৰ প্রেমিক পলাশ মুছলৰ সৈতে ইতিমধ্যে সম্পন্ন হৈছিল বাগ্দান৷ স্মৃতিৰ বিলাসী ফার্ম হাউছত আয়োজন কৰা হৈছিল বিয়াৰ৷

আটকধুনীয়াকৈ সজোৱা এই ফার্ম হাউছতে অনুষ্ঠিত হৈছিল বিয়াৰ প্রাথমিক পর্ব হালধি–মেহেন্দী আদি৷ স্মৃতিৰ সতীর্থ মহিলা ক্রিকেটাৰসকলেও ভাগ লোৱা এই অনুষ্ঠানবোৰৰ সচিত্র ছবি আৰু ভিডি’ ব্যাপকভাৱে প্রচাৰ হৈছিল৷

সকলোৱে বিয়াৰ মূল পর্বৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে আহিছিল এক ভয়ানক অপ্রত্যাশিত খবৰ৷ প্রেমিক পলাশে অন্য মহিলাৰ সৈতে কৰা প্রেমালাপৰ কেইটামান ম’বাইল স্ক্রীনশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল৷ আৰু ইয়ে সর্বজনকাংক্ষিত বিয়াখন ভঙাৰ বাবে যথেষ্ট আছিল৷

পিতৃৰ অসুস্থতাৰ বাবে কিছুদিন অপেক্ষাৰ পিছত স্মৃতিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল যে পলাশৰ সৈতে তেওঁৰ সম্পর্কৰ ইতিমধ্যে ইতি পৰিছে৷ বহুতেই আশংকা কৰিছে একেবাৰে অন্তিম ক্ষণত ভাগি পৰা এই বিয়াখনে ক্রিকেটাৰ স্মৃতিকো হয়তো ভাঙি পেলাব৷

কিন্তু বাস্তৱত দেখা গ’ল এক অনন্য শক্তিশালী সুদৃঢ় স্মৃতি মান্ধানাক৷ বিয়াৰ আনুষ্ঠানিক ভাঙোনৰ ঘোষণাৰ পিছদিনাই স্মৃতিয়ে তেওঁৰ প্রথম আৰু একমাত্র প্রেম ক্রিকেটৰ বেট হাতত লৈ অনুশীলনত নামি পৰিল৷ দুদিন পিছতে এক টেলিভিছন সাক্ষাৎকাৰত ভাগ লৈ স্পষ্টভাৱে ক’লে– মই ক্রিকেটতকৈ আন একোৱেই ভাল নাপাওঁ৷ মোৰ বিয়াক লৈ এক ভুল সিদ্ধান্ত লৈছিলোঁ, কিন্তু সেয়া এতিয়া অতীত৷ মই এতিয়া সকলো পাহৰি কেৱল ক্রিকেটতে সম্পূর্ণৰূপে মনোনিৱেশ কৰিব বিচাৰোঁ…৷

এগৰাকী নাৰী কিমান শক্তিশালী হ’লে তেওঁৰ দীর্ঘদিনৰ প্রিয়তমৰ সৈতে হোৱা বিচ্ছেদ তথা বিবাহৰ ভাঙোনৰ পিছত পুনৰ দৃঢ়তাৰে খোজ দিব পাৰে সেয়া স্মৃতিৰ এই বার্তাই পুনৰ প্রমাণ কৰিছে৷ নিজেই নিজৰ কাষত এগৰাকী নাৰী শক্তিশালী হ’লে কোনো ধুমুহাই যে তেওঁক হাউলি পেলাব নোৱাৰে সেই কথা পুনৰবাৰ প্রমাণ কৰিছে স্মৃতিয়ে৷

জীৱনৰ কঠিন সময়ত থিতাতে ভাঙি পৰা লাখ লাখ মহিলা আৰু যুৱতীৰ বাবেই নহয়, বহু পুৰুষৰ বাবেও স্মৃতি মান্ধানাৰ এই বজ্রকঠিন শক্তিশালী ৰূপ এক উৎকৃষ্ট উদাহৰণ৷ সাধাৰণতে মানসিকভাৱে পুৰুষৰ তুলনাত দুর্বলী বুলি ভবা বহু মহিলাকো স্মৃতিয়ে এই কথাৰ শিকনি দিছে যে এটা প্রেমৰ সম্পর্কত সামান্যতমো বিশ্বাসঘাতকতাৰ প্রমাণ পালেই এই সম্পর্কৰ পৰা শক্তিশালীভাৱে আঁতৰি আহক৷

লাগিলে বৰযাত্রী আপোনাৰ দুৱাৰমুখতে কিয় উপস্থিত নহওক৷ পিতৃ–মাতৃ অথবা পৰিয়ালে সামাজিক সন্মানৰ দোহাইদি এনে এটা টক্সিক সম্পর্কত বান্ধোন খোৱাৰ বাবে যিমানেই জোৰ নিদিয়ক কিয়? এসময়ত বন্ধু–বান্ধৱ, অনুৰাগী অথবা পৰিয়াল, আত্মীয় সকলো আঁতৰি যাব৷ কিন্তু প্রেমিক অথবা স্বামীৰ বিশ্বাসঘাতকতাৰ কু–ফল ভোগ কৰিব লাগিব কেৱল সেই দুর্ভগীয়া নাৰীয়ে৷

সেয়ে পলম হৈ যোৱাৰ পূর্বেই অথবা বিবাহপাশত আবদ্ধ হৈ বছৰৰ পিছত বছৰ মানসিক–শাৰীৰিক যাতনা ভুগি থকাৰ পূর্বেই এনে সম্পর্কক স্পষ্টভাৱে প্রত্যাখ্যান কৰাৰ শক্তিশালী দৃঢ়তা থাকিব লাগিব খেলপথাৰৰ ভিতৰত অথবা খেলপথাৰৰ বাহিৰত স্মৃতি মান্ধানাই দেখুওৱা শক্তিশালী নাৰীৰ চানেকি৷

You might also like