উষ্ণ পৰিৱেশতো সংক্ৰমণ ঘটাব ক’ৰোনাই
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ মাৰাত্মক হিচাপে চিহ্নিত ক’ৰোনা ভাইৰাছে যিকোনো পৰিৱেশতেই সংক্ৰমণ ঘটাব পাৰে । শেহতীয়াকৈ চীনৰ বিজ্ঞানীসকলে এই সতৰ্কবাণী কৰিছে ।
উষ্ণ আৰু আদ্ৰতাপূৰ্ণ জলবায়ুৰ মাজতো এই ভাইৰাছে সংক্ৰমণ ঘটাব পাৰে মানুহৰ দেহলৈ । উল্লেখ্য যে পূৰ্বে উষ্ণ আৰু আদ্ৰতাপূৰ্ণ পৰিৱেশত ক’ৰোনাৰ সংক্ৰমণ সম্ভৱ নহয় বুলি বিশেষজ্ঞই উল্লেখ কৰিছিল যদিও বৰ্তমান চীনৰ নানজিং চিকিৎসা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে সতৰ্কবাণী কৰিছে । আঠগৰাকীকৈ লোকলৈ সংক্ৰমণ ঘটোৱা এজন লোকে ৱুহানৰ পৰা আহি ছুইমিং বাথত স্নান কৰাৰ পিছতে ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল ।
উল্লেখনীয় যে ছুইমিং বাথত উষ্ণতা আছিল ৭৭ ডিগ্ৰীৰ পৰা ১০৬ ডিগ্ৰী পৰ্যন্ত ফাৰেনহাইট । ইমান উষ্ণ পৰিৱেশতো মাৰাত্মক ভাইৰাছবিধে জীৱিত অৱস্থাত পোৱাৰ খবৰৰ পাছতে বিজ্ঞানীৰ দলে নিশ্চিত হয় ।