নিউয়র্কৰ পৰা টকিঅ’লৈ— বিৰাম নোলোৱা মেছিৰ বিলাসী জেটৰ ছিৰিত আছে কি ?
নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : বিমান নহয়, যেন আকাশত উৰন্ত প্রাসাদ৷ মেছিৰ প্রাইভেট জেটখনৰ এনেদৰেই বর্ণনা কৰিব পাৰি৷ শনিবাৰে পুৱতিনিশা প্রাইভেট জেটেৰে কলকাতাত পদার্পণ কৰিছিল ফুটবলৰ ৰাজপুত্রই৷ ডিচেম্বৰৰ অতিপাত শীতৰ মাজতো হাজাৰ হাজাৰ মানুহে মাজনিশা অপেক্ষা কৰিছিল আর্জেণ্টাইন মহাতাৰকাগৰাকীৰ বাবে৷ তেওঁলোকৰ দৃষ্টি আছিল মেছিৰ বিলাসবহুল বিমানখনৰ ওপৰতো৷ সেইখন বিমানক লৈ এতিয়া চর্চা তুংগত আছে৷
মেছিৰ প্রাইভেট জেটখনৰ নাম গালফষ্ট্রীম ভি৷ বিশেষজ্ঞসকলৰ বাবে এইখন বিমান প্রযুক্তিৰ বিস্ময়৷ এক আন্তর্জাতিক ৱেবছাইটৰ তথ্য অনুসৰি, গালফ ষ্ট্রীম ভি অতি বিলাসবহুল জেট৷ ইয়াৰ ৰেঞ্জ প্রায় ৬,৫০০ নটিকেল মাইল৷ নিউয়র্কৰ পৰা টকিঅ’ অথবা লণ্ডন, ছিংগাপুৰ পর্যন্ত অবিৰাম উৰিব পাৰে এই বিমানে৷ চমুকৈ জিভি নামৰ বিমানখনে ৫১ হাজাৰ ফুট উচ্চতাৰে অনায়াসে উৰিব পাৰে৷ বেয়া বতৰতো বিশেষ অসুবিধাৰ সন্মুখীন নহয় জেট বিমানখন৷ আকাশীপথত ট্রেফিকো এৰাই চলিব পাৰে৷ ইয়াৰ গতি ঘণ্টাত ৫৫০ মাইলৰো অধিক৷ জেটখনৰ কেবিনৰ দৈর্ঘ্যই প্রায় ৯৬.৪২ ফুট৷ যি অন্যান্য বিমানতকৈও যথেষ্ট বহল৷ মুঠ ১৮গৰাকী যাত্রীয়ে এই বিমানত আৰামদায়ক ভ্রমণ কৰিব পাৰে৷ বিমানখনৰ অংগসজ্জাও অনবদ্য৷ ইয়াৰ ভিতৰত আছে সকলো আৰামদায়ক সামগ্রী৷
জেটখনৰ ছিৰিত মেছিসহ তেওঁৰ পত্নী আৰু সন্তানৰ নাম লিখা আছে৷ এই অত্যাধুনিক জেটৰ বজাৰ মূল্য অনুসৰি ৯০ লক্ষৰ পৰা ১ কোটি ৪০ লক্ষ ডলাৰ৷ নতুন মডেলৰ দাম আৰু অধিক৷ প্রায় ৪ কোটি ডলাৰ৷ ভাৰতীয় মুদ্রাত কেইবাশ কোটি টকা ৷ প্রাইভেট জেটখনৰ সৈতে জড়িত সদস্যসকলৰ বেতন প্রায় ২০ৰ পৰা ৪০ লাখ ডলাৰ৷
উল্লেখ্য যে কেৱল মেছিয়ে নহয়, পর্তুগীজ তাৰকা ক্রিষ্টিয়ানো ৰ’নাল্ডোৰো আছে অতি বিলাসী জেট গালফ ষ্ট্রীম জি ৬৫০৷ আলট্ৰা–লং–ৰেঞ্জ ফিছাৰৰ বাবে এই জেট বিখ্যাত৷ ইয়াৰ মূল্য ভাৰতীয় মুদ্রাত প্রায় ৬৫০ কোটি টকা৷