নিয়মীয়া বাৰ্তা, ডবকা, ১৫ ডিচেম্বৰ : হোজাই বন বিভাগৰ একংশ উচ্চপদস্থ বিষয়াৰ নেতৃত্বত অবৈধ বালি সৰবৰাহ অব্যাহত আছে ৷ হোজাই জিলাৰ ডবকা আঞ্চলিক বন বিষয়াৰ অধীনস্থ যমুনা নৈৰ বিভিন্ন প্ৰান্তত বালি মাফিয়াই চলাই গৈছে অবৈধ বালি সৰবৰাহ৷ দৈনিক যমুনা নৈৰ বুকুত অত্যধিক পাৱাৰৰ মেচিন ব্যৱহাৰ কৰি খনন চলাই শ শ ডাম্পাৰ, ট্ৰেক্টৰেৰে বালি সৰবৰাহ কৰি যমুনা নৈৰ বুকু উদং কৰি পেলাইছে৷ যাৰ ফলত এতিয়া বালি মাফিয়াই নৈত এনেদৰে চলোৱা অবাধ খনন কাৰ্যই প্ৰকৃতিলৈ কঢ়িয়াই আনিছে ভাবুকি৷ ইয়াৰ লগতে চৰকাৰে হেৰুৱাইছে বৃহৎ পৰিমাণৰ ৰাজহ।
স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে বাৰম্বাৰ অভিযোগ দাখিল কৰাৰ পিছতো নীৰৱ ভূমিকা পালন কৰিছে হোজাই বন বিভাগে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, যমুনা নৈৰ বুকুত এনেদৰে অবৈধভাৱে বালিঘাট স্থাপন কৰি খনন কাৰ্য চলাই থকাৰ বাবে নৈৰ গতিপথ সলনি কৰি পেলাইছে বালি মাফিয়াসকলে৷ আগন্তুক সময়ত এনেদৰে খনন কাৰ্য চলি থাকিলে বৃহত্তৰ অঞ্চলটো ব্যাপক গৰাখহনীয়াৰ কবলত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ সমগ্ৰ এই কাণ্ডত ডবকা আঞ্চলিক বন সংমণ্ডল বিভাগৰ বিষয়াৰ বিৰুদ্ধে সাপ্তাহিক কমিছনৰ জৰিয়তে এনেধৰণৰ দুষ্কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে৷
উল্লেখ্য যে ডবকাৰ যমুনা নৈৰ প্ৰায় কুৰিৰো অধিক স্থানত অবৈধভাৱে অত্যাধুনিক প্ৰযুক্তিৰে বালি উঠাই সৰবৰাহ কৰি আছে বালি মাফিয়াৰ দলে৷ ডবকাৰ উদমাৰী, যমুনাগাঁও, দেৱস্থান, চিতলমাৰী আদি ঠাইত দৈনিক অবৈধভাৱে বালিঘাটৰ পৰা বালি উঠাই পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে লাখ লাখ টকা কৰফাঁকিৰে চলাই গৈছে ৰমৰমীয়া ব্যৱসায়৷ এই অবৈধ বালি ব্যৱসায়ত বন বিভাগৰ বৰমূৰীয়া বিষয়াসকল জড়িত থকাৰো অভিযোগ তুলিছে ছাত্ৰ নেতা হুমায়ুন কবিৰে৷ এই অবৈধ বালি খননৰ বিৰুদ্ধে হোজাই জিলা আয়ুক্তক তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে৷