নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৬ ডিচেম্বৰ : বৰপেটাৰ আলোপতি চৰ আৰক্ষীৰ নাভূত-নাশ্ৰুত কাণ্ড। গোপন বুজাবুজিৰে মুকলি কৰি দিয়ে জব্দকৃত বুজন পৰিমাণৰ চোৰাং শাল কাঠ।
উল্লেখ্য যে যোৱানিশা আলোপতি চৰ আৰক্ষীয়ে নগৰবেৰা আলোপতি পাৰঘাটৰ সমীপত দুখনকৈ ই-ৰিক্সাভৰ্তি প্ৰায় ৪৫ কেবি ফলা শাল কাঠ জব্দ কৰে। জব্দকৃত কাঠখিনিসহ ই-ৰিক্সা দুখন নিশাই আলোপতি চৰ আৰক্ষী থানালৈ নিয়ে।
আৰক্ষী বিষয়াই জব্দকৃত চোৰাং কাঠখিনি বন বিভাগক গতাই দিয়াৰ কথা কয় যদিও ৰহস্যজনকভাৱে গোপন বুজাবুজিৰে নিশাৰ ভাগতে কাঠখিনিসহ ই-ৰিক্সা দুখন মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী বিষয়াজনৰ এনে কাণ্ডত এতিয়া হতচকিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় সচেতন মহল।