৩ মহাদেশৰ ৩ ৰাষ্ট্রলৈ ভ্রমণসূচী আৰম্ভ মোদীৰ
নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সোমবাৰৰ পৰা আৰম্ভ হৈছে তিনিখন দেশৰ ভ্রমণসূচী৷ সোমবাৰে পুৱাৰ ভাগত তেওঁ এই তিনি দেশৰ ভ্রমণসূচীৰে দিল্লীৰ পৰা উৰা মাৰে৷ তেওঁৰ প্রথম গন্তব্য স্থান জর্ডান৷ তেওঁ ৰজা দ্বিতীয় আব্দুল্লাহ ইবন এ আল হুছেইনৰ আমন্ত্রণ ক্রমে জর্ডান ভ্রমণলৈ গৈছে৷
উল্লেখ্য যে বর্তমান বছৰটো ভাৰত–জর্ডান কূটনৈতিক সম্পর্কৰ ৭৫সংখ্যক বর্ষ৷ এনে এটা সময়তে ভাৰতৰ প্রধানমন্ত্রীৰ এই ভ্রমণ নিঃসন্দেহে বর্ধিত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ উভয় দেশৰ মাজত শান্তি, নিৰাপত্তা, আঞ্চলিক স্থিতিশীলতা সম্বন্ধীয় আলোচনা অনুষ্ঠিত হোৱাৰ কথা৷ ভ্রমণ আৰম্ভ কৰাৰ পূর্বে প্রধানমন্ত্রীয়ে কয়– ‘আমি তিনিখন দেশ ক্রমে জর্ডান, ইথিঅ’পিয়া, ফেডাৰেল ডেম’ক্রেটিক ৰিপাব্লিক আৰু ওমান ভ্রমণলৈ যাম৷ এই তিনিখন দেশৰ সৈতে ভাৰতৰ বহু প্রাচীন সভ্যতাগত সম্পর্ক আছে৷ তাৰ লগতে বিস্তৃত সমসাময়িক দ্বি–পাক্ষিক সম্পর্কও আছে৷’
জর্ডান ভ্রমণ সামৰি আজি তেওঁ আফ্রিকাৰ দেশ ইথিঅ’পিয়ালৈ যাব৷ প্রধানমন্ত্রীয়ে এইবাৰ প্রথমবাৰৰ বাবে ইথিঅ’পিয়ালৈ যাব৷ তাত দেশখনৰ প্রধানমন্ত্রী আবি আহমেদ আলীৰ সৈতে জৰুৰী বৈঠকত মিলিত হ’ব প্রধানমন্ত্রী মোদী৷ অৱশেষত ১৭ ডিচেম্বৰত আৰবৰ ওমানলৈ যাব প্রধানমন্ত্রী মোদী৷
উল্লেখ্য যে চলিত বছৰটো ভাৰত–ওমান সম্পর্কৰ ৭০ বছৰ৷ দীর্ঘদিন ধৰি দুয়োখন দেশে বাণিজ্যিক, সাংস্কৃতিক সম্পর্কৰে অংগাংগীভাৱে জড়িত হৈ আছে৷ প্রধানমন্ত্রী মোদী আৰু ওমানৰ চুলতানৰ মাজত শক্তি, কৃষি, প্রতিৰক্ষা, প্রযুক্তিসহ একাধিক বিষয়ত পাৰস্পৰিক সহযোগিতাক লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে৷