নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নাগৰিক সমাজৰ ভূমিকা 

গণতান্ত্রিক ব্যৱস্থাত চৰকাৰ, সংসদ বা ন্যায়ালয়ৰ সমান্তৰালভাৱে যিটো শক্তিয়ে সমাজক সচেতন আৰু সজীৱ কৰি ৰাখে, সেয়া হৈছে নাগৰিক সমাজৰ যুক্তিপূর্ণ আৰু সমাজ সচেতন কার্যকলাপ৷ এই নাগৰিক সমাজেই সমাজৰ প্রয়োজনীয় সময়ত প্রশ্ণ তোলে, নৈতিক সীমা নির্ধাৰণ কৰে আৰু গণতন্ত্রক কেৱল সাংবিধানিক কাঠামোত সীমাবদ্ধ নথকা এক জীৱন্ত ব্যৱস্থা হিচাপে আগবঢ়াই লৈ যোৱাৰ চিন্তা–চর্চা কৰে৷ কিন্তু বর্তমান সময়ত এই নাগৰিক সমাজৰ ভূমিকা সম্পর্কে এক গভীৰ চিন্তা–আলোচনা অত্যাৱশ্যক হৈ পৰিছে৷ সেই আলোচনাৰ কেন্দ্রবিন্দুু হৈছে–নাগৰিক সমাজৰ নীৰৱতা কেতিয়াও কেৱল নিৰপেক্ষতাৰ দাপোণ হৈ নাথাকে, ই হৈ পৰে একো একোটা অৱহেলামূলক অপৰাধৰ সমতুল্য৷ নাগৰিক সমাজ বুলিলে কেৱল এনেকুৱা নামৰ সংগঠন বা সংগঠিত মঞ্চ বা স্বেচ্ছাসেৱী সংস্থাক বুজোৱা নাযায়৷ নাগৰিক সমাজ হ’ল– শিক্ষক, বুদ্ধিজীৱী, সাংবাদিক, আইনজ্ঞ, শিল্পী, সাহিত্যিক, ছাত্র–যুৱক আৰু সচেতন নাগৰিকসকল, যিসকলে সমাজৰ মংগল কামনাৰে সন্মুখলৈ ওলাই আহে৷ এইসকলেই সমাজৰ নৈতিক বিবেক হিচাপে কাম কৰিবলৈ আগবাঢ়ি আহিব লাগে৷ সংবিধান প্রণেতা ড০ বি আৰ আম্বেদকাৰে ‘সাংবিধানিক নৈতিকতা’ৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৈছিল যে এই নৈতিকতা স্বাভাৱিকভাৱে জন্ম হ’ব নোৱাৰে, ইয়াক গঢ়ি তুলিব লাগে৷ নাগৰিক সমাজেই এই নৈতিকতাৰ প্রধান বাহক৷ বর্তমান ভাৰতীয় সমাজৰ পৰিৱেশলৈ লক্ষ্য কৰিলে দেখা যায় যে এফালে মতপ্রকাশৰ ক্ষেত্র ক্রমাৎ সংকুচিত হৈ আহিছে আৰু আনফালে সামাজিক মাধ্যমে ব্যক্তিৰ মত তাৎক্ষণিকভাৱে কোনো সম্পাদনাৰ বাধা নথকালৈ প্রকাশ কৰাৰ সুবিধা লৈ আহিছে৷ লগে লগে দেখা গৈছে যে ভিন্ন মতক সন্দেহৰ দৃষ্টিৰে চোৱাৰ প্রৱণতা বৃদ্ধি পাইছে আৰু সমালোচনাক বহু সময়ত অনাৱশ্যক বিতর্ক হিচাপে গণ্য কৰাও হৈছে৷ সামাজিক মাধ্যমত ভুল তথ্য, উত্তেজনা, গালি–শপনি, অসহিষ্ণুতা আৰু ভয়ৰ পৰিৱেশে এই সংকোচন আৰু তীব্র কৰি তুলিছে৷ এই পৰিস্থিতিত বহু সচেতন নাগৰিকে নীৰৱতাকেই নিজস্ব সুৰক্ষাৰ এক উপায় হিচাপে বাছি লৈছে৷ কিন্তু এই নীৰৱতাই যেতিয়া ব্যক্তিগত সীমা অতিক্রম কৰি সামাজিক স্বভাৱত পৰিণত হয়, তেতিয়া ই গণতান্ত্রিক সমাজৰ বাবে চিন্তাৰ বিষয় হৈ উঠে৷

অসমৰ প্রেক্ষাপটত এই নীৰৱতাৰ প্রভাৱ বিশেষভাৱে অনুভৱ কৰা যায়৷ বান আৰু ভূমিক্ষয়ৰ সমস্যা বছৰি অধিক জটিল হৈ পৰিছে৷ লক্ষ লক্ষ লোক ক্ষতিগ্রস্ত হ’লেও দীর্ঘম্যাদী পৰিকল্পনা আৰু নীতি–নির্ধাৰণী ব্যর্থতাৰ ওপৰত নাগৰিক সমাজৰ অবিৰত আৰু সংগঠিত চাপ খুব সীমিত৷ বানপানীৰ সময়ত মতামত প্রকাশত সক্রিয় হৈ উঠা নাগৰিকসকল তাৰ পিছত শান্ত হৈ পৰে, এই সমস্যাৰ বিষয়ে ধাৰাবাহিকভাৱে জনমত গঠন কৰা, ৰাইজক সচেতন কৰি তোলা আদি বিষয়ত তেওঁলোক মৌন হৈ পৰে৷ একেদৰে চাহ বাগিচাৰ শ্রমিকৰ জীৱন–জীৱিকা, প্রান্তিক জনগোষ্ঠীৰ ভূমি অধিকাৰ, উন্নয়নৰ নামত প্রাকৃতিক সম্পদৰ ক্ষয় আদি বিষয়সমূহতো আলোচনাৰ স্থায়িত্ব দেখা নাযায়৷ নীৰৱতা সদায় অপৰাধ নহয়৷ কিছুমান পৰিস্থিতিত নীৰৱতা সংযম বা বিচক্ষণতাৰ প্রতীক হ’ব পাৰে৷ কিন্তু যেতিয়া অন্যায় স্পষ্ট হৈ থাকে, ভুক্তভোগী হৈ পৰে কণ্ঠহীন আৰু তথ্য সর্বসাধাৰণৰ বাবে উপলব্ধ নহয়, তেতিয়া নীৰৱতাই নৈতিক ব্যর্থতাৰ ৰূপ লয়৷ দার্শনিক হান্না আৰেণ্ডটে কৈছিল– সমাজত ভয়ংকৰ অন্যায় বহু সময়ত সক্রিয় দুষ্টতাৰ ফল নহয়, বৰং সাধাৰণ মানুহৰ নিষ্ক্রিয়তা আৰু নীৰৱতাৰ ফল৷ ভাৰতীয় ইতিহাসতো ইয়াৰ দৃষ্টান্ত আছে৷ ১৯৭৫–৭৭ চনৰ জৰুৰী অৱস্থাৰ সময়ত মৌলিক অধিকাৰক নির্বাসন দিয়া হৈছিল আৰু সংবাদ মাধ্যমৰ স্বাধীনতা সীমিত কৰা হৈছিল৷ সেই সময়ত নাগৰিক সমাজৰ এক বৃহৎ অংশ নীৰৱ হৈ আছিল৷ পিছলৈ এই নীৰৱতাক ইতিহাসে এক গুৰুত্বপূর্ণ শিক্ষা হিচাপে চিহ্ণিত কৰিছে৷ ডিজিটেল যুগে নাগৰিক সমাজক মত প্রকাশৰ নতুন ক্ষেত্র আগবঢ়ালেও লগে লগে ই একপ্রকাৰৰ ভুৱা সক্রিয়তাৰ সমস্যাও সৃষ্টি কৰিছে৷ অনলাইন পৰিসৰত ক্ষণস্থায়ী প্রতিক্রিয়া বহু সময়ত বাস্তৱ সংগঠিত পদক্ষেপলৈ ৰূপান্তৰ নোহোৱাকৈ শেষ হৈ যায়৷ এই ধৰণৰ পৰিস্থিতিয়ে নাগৰিক সমাজৰ দায়িত্ববোধক ক্ষীণ কৰি তোলাৰ সম্ভাৱনা ৰৈ যায়৷ গণতন্ত্রত নাগৰিক সমাজৰ ভূমিকাই সদায় প্রতিবাদৰ ৰূপ ল’বই লাগিব বুলি কোৱা নাযায়, কিন্তু প্রশ্ণ কৰা, সমালোচনা কৰা আৰু সমাজক সচেতন কৰি তোলাটো অপৰিহার্য৷ ইতিহাসে বাৰে বাৰে দেখুৱাইছে- যেতিয়া নাগৰিক সমাজ নীৰৱ হয়, তেতিয়া অন্যায় অধিক সাহসী হৈ উঠে৷ এই মুহূর্তত প্রশ্ণটো কেৱল ৰাজনৈতিক নহয়, ই নৈতিক আৰু সামাজিক৷ আমি কেৱল এই সমাজৰ বাসিন্দা হৈ থাকিম নে দায়িত্বশীল নাগৰিক হিচাপে নিজৰ ভূমিকা পালন কৰিম– এই সিদ্ধান্তই আমাৰ সমাজৰ আগন্তুক পথ নির্ধাৰণ কৰিব৷

You might also like