বজালীত ১৯৭১ চনৰ বীৰ শ্বহীদক স্মৰণ, বিজয় দিৱস উদ্যাপন
বজালী জিলাৰ অন্তৰ্গত অকয়া নন্দচুপাৰ অকয়া সত্ৰৰ সমীপত ১৯৭১ চনৰ পাক-ভাৰত যুদ্ধত মাতৃভূমিৰ কাৰণে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলক স্মৰণ কৰি বিজয় দিৱস উদ্যাপন কৰা হয়৷ এই উদ্দেশ্যে প্ৰাক্তন বায়ু সৈনিক ধীৰেন সিংহৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অমৰ শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷
বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন বায়ু সৈনিক ধীৰেন সিংহ, সাংস্কৃতিক কৰ্মী তথা সমাজসেৱী অনুপ কুমাৰ পাটোৱাৰী, প্ৰাক্তন সৈনিক নিৰঞ্জন দাস, অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন সিংহ, শিক্ষয়িত্ৰী মঞ্জুলা দাস, শচীন সিংহ, চাণক্য সিংহ আদিয়ে৷
উল্লেখ্য যে ১৯৭১ চনৰ ৩ ডিচেম্বৰত আৰম্ভ হোৱা এই যুদ্ধৰ ১৬ ডিচেম্বৰত সামৰণি পৰিছিল৷ এই যুদ্ধত প্ৰায় দুইহাজাৰ সাহসী বীৰ জোৱান শ্বহীদ হৈছিল আৰু কেইবাহেজাৰো লোকে মাতৃভূমিৰ বাবে প্ৰাণাহুতি দিব লগা হৈছিল৷
অতি তাৎপৰ্যপূৰ্ণ কথা এয়ে যে ১৯৭১ চনৰ আজিৰ দিনটোত পূৱ পাকিস্তান (এতিয়াৰ বাংলাদেশ)ৰ ঢাকাৰ ৰেছকোৰ্চ ময়দানত আবেলি ৪ বাজি ৩০ মিনিটত ৯৩ হাজাৰ পাকিস্তানী সৈন্যই অতি নিৰ্লজ্জভাৱে ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল৷
এনে ঘটনা বিশ্বৰ ইতিহাসতে বিৰল৷ এই যুদ্ধত নিষ্ঠুৰ পাকিস্তানী সৈন্যই কেবালাখো নিৰিহ বাংলাদেশী নাগৰিকক নিৰ্মমভাৱে হত্যা কৰিছিল৷ সেইদিনাই পুৱ পাকিস্তান পাকিস্তানৰ কৱলৰ পৰা মুক্ত হৈ স্বাধীন বাংলাদেশৰ জন্ম হৈছিল৷
সেই যুদ্ধৰ স্মৃতি ধীৰেন সিংহই আজিও বুকুত কঢ়িয়াই লৈ ফুৰা বুলি উপস্থিত ৰাইজৰ আগত ব্যক্ত কৰি৷ লগতে আজিৰ এই ঐতিহাসিক দিনটো কেৱল ভাৰতীয় সৈন্যৰ নহয়, সমগ্ৰ ভাৰতবাসীৰ গৌৰৱৰ দিন বুলি অবিহিত কৰে৷ অনুষ্ঠানত ভালেসংখ্যক ছাত্ৰছাত্ৰী, পুৰুষ মহিলা উপস্থিত থাকে৷
নিয়মীয়া বাৰ্তা, পাটাছাৰকুছি, ১৬ ডিচেম্বৰ