নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তবলিগী জামাতৰ সদস্যৰ হাস্পতালত আত্মহত্যাৰ অপচেষ্টাঃ চাওক ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ দিল্লীৰ ৰাজীৱ গান্ধী চুপাৰ স্পেচিয়েলিটী হাস্পতাল (Rajiv Gandhi Super Speciality Hospital) ত তবলিগী জামাত সমাৱেশত অংশ লোৱা এগৰাকী সদস্যই আত্মহত্যা কৰিবলৈ চেষ্টা কৰে । বুধবাৰে দুপৰীয়া ৰোগীজনে হাস্পতালখনৰ ৬ নং মহলাৰ পৰা জপিয়াবলৈ চেষ্টা কৰিছিল ।

হাস্পতাল কৰ্তপক্ষই জনোৱা মতে, মঙলবাৰে দিল্লী আৰক্ষীয়ে ৰোগীজনক নিজামুদ্দিন মাৰ্কাজৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰাইছিল । কিন্তু আজি দুপৰীয়াৰ সময়ত লোকজন থকা কোঠাটোৰ খিড়িকীৰ পৰা জপিয়াবলৈ চেষ্টা কৰে । ইফালে এই ঘটনাৰ পাছত লোকজনক মনোৰোগ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা হয় ।

উল্লেখ্য যে  দেশৰ ৰাজধানী দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত আয়োজন কৰা ধৰ্মীয় সমাৱেশেই দেশলৈ ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধি কৰিলে ।

You might also like