নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত অবৈধ মাদ্ৰাছা উৎখাত আৰক্ষীৰ, ১৬ শিশু-কিশোৰক উদ্ধাৰ কৰি গতালে চাইল্ড লাইনক

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ১৮ ডিচেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীয়ে উৎখাত কৰিলে এখন অবৈধ মাদ্ৰাছা। অবৈধ মাদ্ৰাছা উৎখাত কৰাত স্হানীয় অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে উৎখাত কৰা অবৈধ মাদ্ৰাছাখন টেঙাগুৰি (জুগুনী বিল)ত স্হানীয় ৰাইজৰ অজ্ঞাতে দুই-এজনে জহুৰ উদ্দিনৰ মাটিত চলাই আছিল।

গোপন সূত্ৰৰ পম খেদি যোৱানিশা লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক ড০ দিগন্ত বৰুৱাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে জুগুনী বিলত থকা অবৈধ মাদ্ৰাছাত উপস্থিত হয়। আৰক্ষীৰ উমান পাই মাদ্ৰাছাত থকা ১৬টা শিশু-কিশোৰে দৌৰি পলায়ন কৰিব বিচাৰিছিল যদিও স্হানীয় ৰাইজৰ সহযোগত শিশু-কিশোৰকেইটাক আৰক্ষীয়ে উদ্ধাৰ কৰে। মাদ্ৰাছাৰ বৈধতাৰ প্ৰমাণ-পত্ৰ দেখুওৱা নোৱাৰাত শিক্ষক ছাইফুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে মাদ্ৰাছাত থকা কিশোৰ আৰু শিক্ষকৰ মোবাইল পৰীক্ষা কৰাত অশ্লীল ভিডিঅ’ উদ্ধাৰ কৰে। মাদ্ৰাছাত থকা কিশোৰ-শিশুসকল কেইবাখনো জিলাৰ আছিল বুলি জানিব পৰা গৈছে। মাদ্ৰাছাখনত স্বাস্থ্যসন্মতভাৱে শিশুসকলৰ থকাৰ ব্যৱস্থা নাছিল। ইতিমধ্যে মাদ্ৰাছাত উদ্ধাৰ কৰা শিশু-কিশোৰকেইটাক চাইল্ড লাইনত চমজাই দিয়ে আৰক্ষীয়ে।

উল্লেখ্য যে যোৱা দুমাহ ধৰি স্হানীয় ৰাইজৰ অজ্ঞাতে মাটিৰ মালিক জহুৰ উদ্দিনে দুই-এজন লোকক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিশু-কিশোৰ গোটাই মাদ্ৰাছাখন আৰম্ভ কৰিছিল। স্হানীয় ৰাইজে মাদ্ৰাছা স্থাপনত প্ৰথমৰ পৰাই বাধা প্ৰদান কৰি আহিছে যদিও ৰাইজৰ বাধা আওকাণ কৰি মাদ্ৰাছাখন চলাই আছিল। মাদ্ৰাছাখন ধৰ্মৰ পৰিপন্থী বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল। অবৈধ মাদ্ৰাছা উৎখাত কৰাত আৰক্ষীৰ এনেধৰণৰ পদক্ষেপক স্হানীয় ৰাইজে প্ৰশংসা কৰে।

ইফালে, লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, অবৈধ মাদ্ৰাছাখন কোনে কেনেকৈ আৰু কি উদ্দেশ্যত স্হাপন কৰিছে তাৰ ওপৰত তদন্ত অব্যাহত আছে।

You might also like