বিজেপিৰ লক্ষ্য ৫০ শতাংশতকৈও অধিক ভোট : মই অখিল গগৈৰ এজন ‘বিগ ফেন’
কংগ্ৰেছ দলে ২০২৬ বা ২০৩১ৰ বাবে নহয়, ২০৩৬ৰ বাবেহে প্ৰস্তুতি চলাইছে। ২০২৬ আৰু ২০৩১ত বিজেপি মিত্ৰজোঁটক ৱাকঅভাৰ দিয়েই কংগ্ৰেছ সন্তুষ্ট। কিয়নো কংগ্ৰেছৰ ভোটবেংক এতিয়া কেৱল সংখ্যালঘু এলেকাত সীমাবদ্ধ
ৰাইজৰ মাজত পুনৰবাৰ চৰ্চালৈ আহিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক লক্ষ্য কৰি কঠোৰ মন্তব্য কৰি কয় যে “অখিল গগৈ এতিয়া কেৱল ফেচবুকৰ নেতা। নিজৰ সমষ্টি ৰক্ষা কৰাৰ স্বাৰ্থতেই নিৰ্বাচনৰ আগতেই কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিব।”
কংগ্ৰেছৰ সৈতে মিত্ৰতা বিচাৰি ব্যস্ত হৈ থকা অখিল গগৈক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজনীতিত স্থিতি হেৰুওৱাৰ ফলতেই তেওঁ এইদৰে দিশহীন হৈ পৰিছে।
ইফালে, বিজেপি মিত্ৰজোঁটৰ লক্ষ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কয়— “বিজেপিৰ লক্ষ্য ১০০ নহয়। এতিয়া বিজেপি মিত্ৰজোঁটৰ লক্ষ্য অসমত ৫০ শতাংশতকৈও অধিক ভোট লাভ কৰা। সেই লক্ষ্যৰে আমি সংগঠিতভাৱে কাম কৰি আছোঁ।”
বিৰোধী দলে নিৰ্বাচনৰ বাবে নিজকে সাজু কৰিব নোৱাৰাৰ সময়তে মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপিক লক্ষ্যত উপনীত হ’বলৈ লিলি হোটেলত বৈঠক পতাৰ প্ৰয়োজন নাই। কটাক্ষ কৰি তেওঁ কয়, “মোৰ টেনছন দূৰ কৰিবলৈ অখিল গগৈৰ ফেচবুক লাইভ চালেই যথেষ্ট। মই অখিল গগৈৰ এজন ‘বিগ ফেন’।”
কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশলক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “কংগ্ৰেছ দলে ২০২৬ বা ২০৩১ৰ বাবে নহয়, ২০৩৬ৰ বাবেহে প্ৰস্তুতি চলাইছে। ২০২৬ আৰু ২০৩১ত বিজেপি মিত্ৰজোঁটক ৱাকঅভাৰ দিয়েই কংগ্ৰেছ সন্তুষ্ট। কিয়নো কংগ্ৰেছৰ ভোটবেংক এতিয়া কেৱল সংখ্যালঘু এলেকাত সীমাবদ্ধ।”
বিজেপি মিত্ৰজোঁটৰ ভিতৰত মিত্ৰতা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কয় যে আলোচনা অব্যাহত আছে। “মিত্ৰতাৰ বাবে আমাক লিলি হোটেলৰ প্ৰয়োজন নাই। অগপৰ লগতে সকলো মিত্ৰদলৰ সৈতে মই ফোনতেই আলোচনা কৰোঁ। BPF আৰু UPPLক কেনেকৈ একেলগে লৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰি, সেই বিষয়েও আলোচনা চলি আছে,” বুলি কয় মুখ্যমন্ত্ৰীয়ে।
ইফালে, অখিল গগৈয়ে সামাজিক মাধ্যমত জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীটক লৈ মন্তব্য দিয়াৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয়— “অখিল গগৈ এতিয়া নিজেই উকীল আৰু নিজেই ন্যায়াধীশ। সেয়েহে তেওঁ সামাজিক মাধ্যমত বাম উকীল হৈ উঠিছে।”
অখিল গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে তেওঁক “সামাজিক মাধ্যমৰ কৌতুক চৰিত্ৰ” বুলিও আখ্যা দিয়ে।
ইফালে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমলৈ আহিব। এই ভ্ৰমণকালতে গুৱাহাটীত আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয় আৰু CCTV প্ৰকল্প উদ্বোধন কৰা হ’ব। লগতে ৫ হাজাৰ লোক একেলগে বহিব পৰা জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহো উদ্বোধন কৰিব গৃহমন্ত্ৰীয়ে।
ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ