ৰূপহীহাটৰ ১নং ভাটিয়াখালিত আজি পুৱতি নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ১নং ভাটিয়াখালিৰ হবিবুৰ ৰহমানৰ ব্ৰইলাৰ ফাৰ্মত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। উক্ত অগ্নিকাণ্ডৰ ফলত ব্ৰইলাৰ ফাৰ্মত থকা ১৭০০ ব্ৰইলাৰ মুৰ্গী জুইত জ্বলি ভস্মীভূত হয় যদিও আমবাগান অগ্নিনিৰ্বাপক বাহিনী আহি ফাৰ্মখনৰ টিনপাতখিনি জুইৰ পৰা ৰক্ষা কৰে।
উক্ত অগ্নিকাণ্ডৰ ফলৰ ব্ৰইলাৰ ফাৰ্মখনৰ ৮ লক্ষাধিক টকাৰ ক্ষতি হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ। হবিবুৰ ৰহমান নামৰ যুৱকজনে বেংকৰ পৰা ঋণ লৈ ব্ৰইলাৰ ফাৰ্মৰ ব্যৱসায় আৰম্ভ কৰিছিল। অগ্নিকাণ্ডৰ ফলত ফাৰ্মখন জুইত জ্বলি ভস্মীভূত হোৱাত এতিয়া যুৱকজনে চকুৰে সৰিয়হৰ ফুল দেখিছে। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।