নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মথুৰাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, স্ক’ৰপিঅ’ বাহনৰ খুন্দাত মহিলা নিহত

স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে৷ পাছত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত মহিলা গৰাকীৰ মৃত্যু হয়

চৰাইদেউ জিলাৰ মথুৰাপুৰ পশু চিকিৎসালয়ৰ সন্মুখত আজি পুৱা সদৰ পথ ধোদৰ আলিৰে আহি থকা এখন তীব্ৰবেগী স্কৰপিঅ’ বাহনৰ খুন্দাত প্ৰাতঃ ভ্ৰমণ কৰি থকা এগৰাকী মহিলা নিহত হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে৷

জানিব পৰা মতে, মথুৰাপুৰ পশু চিকিৎসালয়ৰ সমীপৰ বাসিন্দা ৰবেন দাসৰ পত্নী  ৰীণা দাস (৬৫) য়ে প্ৰাতঃ ভ্ৰমণ কৰি  স্থানীয় ব্ল’চ’মছ্ পাব্লিক স্কুলৰ সন্মুখ পোৱা সময়তে AS 04 L 2013 নম্বৰৰ এখন তীব্ৰবেগী স্কৰপিঅ’ বাহনে খুন্দা মৰাৰ ফলত মহিলা গৰাকী গুৰুতৰ ভাবে আহত হয়।

পাছত আহত মহিলাগৰাকীক ততালিকে চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে৷ পাছত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত মহিলা গৰাকীৰ মৃত্যু হয়।

উল্লেখযোগ্য যে বৰ্তমান নিৰ্মাণ চলি থকা জিলাখনৰ সদৰ পথটোৰ দুয়ো দাঁতিত মাটি দি সুচল যাতায়তৰ ব্যৱস্থা নকৰাৰ লগতে ঠায়ে ঠায় নিৰ্মাণ কৰা গতি ৰোধক স্পষ্ট কৰি নিদিয়াৰ বাবে এনে দুৰ্ঘটনা অঞ্চলটোত প্ৰায়ে সংঘটিত হ’ব ধৰিছে।

নিয়মীয়া বাৰ্তা, চৰাইদেউ, ১৯ ডিচেম্বৰ

You might also like