নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষ্ঠাৱান RSSৰ স্বয়ংসেৱক ৰঞ্জিত শৰ্মাৰ দেহাৱসান

ধুবুৰীৰ কেশৱ সেৱা সমিতিৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্যও আছিল। উল্লেখ্য যে, দেশত জৰুৰীকালীন অৱস্থা জাৰী কৰাৰ সময়ত তেওঁ কাৰাবাসো খাটিবলগীয়া হৈছিল

ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ জেষ্ঠ স্বয়ংসেৱক, ধুবুৰীৰ সামাজিক জীৱনৰ অতি পৰিচিত নাম ৰঞ্জিত শর্মা আৰু নাই। আজি পুৱতি নিশা তেওঁৰ দেহাবসান ঘটে।

১৯৫৫ চনৰ ১৫ জুনৰ দিনা জন্মা মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ। পত্নী, এক পুত্ৰ-কন্যাক এৰি থৈ যোৱা ৰঞ্জিত শৰ্মাৰ মৃত্যুক লৈ এতিয়া শোঁকৰ ছা পৰিছে ধুবুৰীত।

১৯৭০ চনৰ পৰাই সংঘৰ সৈতে জড়িত হৈ পৰা শৰ্মাই কেইবছৰমান জিলা সেবাপ্ৰমুখৰ দায়িত্ব পালন কৰিছিল। পিছত ধুবুৰী নগৰত নিজা ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ কাৰ্যালয় নিৰ্মানৰ পিছত নিষ্ঠাৰে বিভাগ কাৰ্যালয় প্ৰমুখৰ দায়িত্বও পালন কৰিছিল।

তেওঁ ধুবুৰীৰ কেশৱ সেৱা সমিতিৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্যও আছিল। উল্লেখ্য যে, দেশত জৰুৰীকালীন অৱস্থা জাৰী কৰাৰ সময়ত তেওঁ কাৰাবাসো খাটিবলগীয়া হৈছিল।

আজি অলেখ গুণমুগ্ধ আৰু আত্মীয়-স্বজনৰ উপস্থিতিত ধুবুৰীৰ মহা-শ্মশানত সম্পূৰ্ণ বৈদিক প্ৰথাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৯ ডিচেম্বৰ

You might also like