নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি–২০ শৃংখলা দখল টীম ইণ্ডিয়াৰ

হার্দিকে ২৫টা বলত ৬৩ ৰান কৰে৷ মাত্র ১৬টা বলত অর্ধশতক কৰি পুৰুষ টি–২০ত দ্বিতীয় দ্রুত অর্ধশতক অর্জন কৰা হার্দিকৰ ইনিংছটোত আছিল ৫টা ৪ আৰু ৫টা ৬

ঘৰুৱা দল টীম ইণ্ডিয়াই দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলা ৫খনীয়া টি–২০ মেচৰ শৃংখলাটো ৩–১ত দখল কৰিছে৷ আহমেদবাদত অনুষ্ঠিত শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচত ভাৰতে প্রটিয়াজ বাহিনীক ৩০ ৰানত পৰাস্ত কৰে৷

মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ২৩২ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ কুইণ্টন ডি ক’কৰ ৬৫ ৰানৰ সহায়ত দক্ষিণ আফ্রিকাই নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২০১ ৰানহে কৰে৷ ডি ক’কৰ বাহিৰে বাকীসকল বেটাৰে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ হেনড্রিকছে ১৩, ব্রেভিছে ৩১ আৰু মিলাৰে মাত্র ১৮ ৰানহে কৰে৷ লিণ্ডেই ১৬ ৰানৰ অৰিহণা আগবঢ়ায়৷

ভাৰতীয় দলটোৰ হৈ বৰুণ চক্রৱর্তীয়ে সর্বাধিক ৪টা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি তিলক বার্মা আৰু হার্দিক পাণ্ডিয়াৰ দর্শনীয় অর্ধশতকৰ সহায়ত ভাৰতে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২৩১ ৰান সংগ্রহ কৰে৷

ইনিংছ মুকলি কৰিবলৈ আহি সঞ্জু ছেমছন আৰু অভিষেক শর্মাই প্রথম উইকেটৰ যুটিত ৬৩ ৰান সংগ্রহ কৰি দলক বিস্ফোৰক আৰম্ভণি দিয়ে৷ অভিষেকে ৩৪ আৰু ছেমছনে ৩৭ ৰান কৰি বিদায় লয়৷ অধিনায়ক সূর্যকুমাৰ যাদৱ ব্যর্থ হয়৷

সূর্য কুমাৰে মাত্র ৫ ৰানহে কৰে৷ দলীয় স্ক’ৰ ১১৫ ৰানত ৩টা উইকেট হেৰুৱাই বিপর্যয়ত পৰে যদিও তিলক আৰু হার্দিকে চতুর্থ উইকেটত ১০৫ ৰান সংগ্রহ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়৷

হার্দিকে ২৫টা বলত ৬৩ ৰান কৰে৷ মাত্র ১৬টা বলত অর্ধশতক কৰি পুৰুষ টি–২০ত দ্বিতীয় দ্রুত অর্ধশতক অর্জন কৰা হার্দিকৰ ইনিংছটোত আছিল ৫টা ৪ আৰু ৫টা ৬৷ ইফালে তিলকে ৪২টা বলত ১০টা চাৰি আৰু এটা ছয়েৰে ৭৩ ৰানৰ অৰিহণা আগবঢ়ায়৷ শিৱম ডুবেই ৩টা বলত ১০ ৰান কৰি অপৰাজিত হৈ থাকে৷ দক্ষিণ আফ্রিকাৰ হৈ কর্বিন ব’ছে সর্বাধিক ২টা উইকেট লাভ কৰে৷

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ

You might also like