নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিডনী আক্রমণৰ আততায়ীক ৰুদ্ধ কৰা বীৰলৈ ১৫ কোটি টকা

হাতত কোনো অস্ত্র নাছিল তেওঁৰ ৷ তথাপি নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দহৰ জীৱন বচোৱাৰ বাবে পিছফালৰ পৰা বন্দুকধাৰী আততায়ীৰ ওপৰত জঁপিয়াই পৰিছিল তেওঁ ৷ ১৪ ডিচেম্বৰত ছিডনীৰ বণ্ডী সাগৰতীৰত সমৱেত জনতাৰ ওপৰত নির্বিচাৰ গুলীচালনা কৰা দুই পিতা–পুত্রৰ এজনক ওচৰতে ফল-মূল বিক্রী কৰি থকা আহমেদ আল–আহমেদ নামৰ যুৱকজনে সাহসিকতাৰে কাবু কৰি বহু মানুহৰ জীৱন ৰক্ষা কৰে৷ তেওঁৰ এই কার্যত প্রশংসাত পঞ্চমুখ হৈ পৰে দেশৰ প্রধানমন্ত্রীৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকো৷ এই ঘটনাত তেওঁ নিজেও আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হ’বলগীয়া হয়৷

শুকুৰবাৰে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে আহমেদৰ হাতত তুলি দিয়া হয় ২.৫ মিলিয়ন অষ্ট্রেলিয়ান ডলাৰৰ (ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ১৪ হাজাৰ ৯০০ কোটি টকা)ৰ এখন চেক৷ ছেইণ্ট জর্জ হাস্পতাললৈ গৈ তেওঁৰ হাতত চেকখন তুলি দিয়ে এটা জনপ্রিয় অনুদান সংস্থাৰ এগৰাকী মুৰব্বীয়ে৷ তেওঁ জনায় যে সমগ্র বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা ৪৩ হাজাৰৰো অধিক লোকে আহমেদৰ বাবে টকা পঠিয়াইছে৷ নিজৰ জীৱন পণ কৰি আনৰ জীৱন ৰক্ষা কৰা আহমেদ হৈ পৰে অষ্ট্রেলিয়াৰ হিৰো৷ স্বয়ং অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী এণ্টনী আলবানিছেও আহমেদৰ বীৰত্ব আৰু সাহসিকতাৰ ভূয়সী প্রশংসা কৰে৷

ছিডনীৰ নিউ ছাউথ ৱেলছৰ মুৰব্বী ক্রিছ মিনছেওৱে কয়– অকলশৰে আৰু নিৰস্ত্র অৱস্থাৰে ইমান ডাঙৰ প্রত্যাহ্বান লৈ মানুহৰ জীৱন বচাইছে যুৱকজনে৷ এয়া অবিশ্বাস্য৷ বণ্ডী সাগৰতীৰত চলি থকা ইহুদীসকলৰ হানুক্কা উৎসৱৰ সময়তে অতর্কিতে দুই পিতা–পুত্র আততায়ীয়ে চলোৱা নির্বিচাৰ গুলীৰ মাজতে আহমেদে দেখুওৱা সাহসিকতা আন বহুতৰ বাবে আদর্শস্বৰূপ হ’ব পাৰে৷

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ :

You might also like