নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : প্রধানমন্ত্রী মোদীৰ অসম ভ্রমণ

দেশে স্বাধীনতা লাভ কৰাৰ পূর্বে অসমৰ জনমূৰি উৎপাদন ৰাষ্ট্রীয় হাৰতকৈ অধিক আছিল৷ দেশৰ বহু ৰাজ্যৰ তুলনাত অসমবাসীয়ে সচ্ছল জীৱন কটাবলৈ সক্ষম হৈছিল৷ স্বৰাজোত্তৰ এটা দশকৰ ভিতৰতে অসমৰ জনমূৰি উৎপাদনৰ হাৰ অৱনমিত হৈছিল আৰু বিগত পাঁচ দশকত ৰাজ্যখনে জনমূৰি উৎপাদনত ৰাষ্ট্রীয় হাৰক স্পর্শ কৰিবলৈ সক্ষম হোৱা নাই৷ দেশৰ ৰাজধানীৰ পৰা ভৌগোলিক দূৰত্বত থকা অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রতি কেন্দ্রীয় চৰকাৰৰ সদিচ্ছাক লৈ দশক দশক ধৰি উত্তৰ–পূর্বাঞ্চলৰ ভূমিপুত্র তথা খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ মাজত ক্ষোভ–অসন্তুষ্টিৰ জন্ম হৈছিল৷ দেশৰ বিকাশৰ মূল ধাৰাৰ পৰা ক্রমে বিচ্ছিন্ন হৈছিল অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহ৷ স্বৰাজোত্তৰ সময়ছোৱাত অধিকাংশ সময় ক্ষমতাত আছিল কংগ্রেছ দল৷ অসমতো কংগ্রেছ দলৰ সাংগঠনিক স্থিতি শক্তিশালী আছিল৷ কিন্তু দিল্লীৰ মছনদত থকা কংগ্রেছ নেতাসকলৰ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিকাশৰ প্রতি যথোচিত দৃষ্টি নপৰাৰ বাবেই স্বৰাজোত্তৰ সময়ছোৱাত অঞ্চলটোৰ বিকাশ আশাপ্রদ হৈ উঠা নাছিল৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ অর্থনৈতিক বিকাশৰ লক্ষ্যৰে ১৯৯২ত তদানীন্তন প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাৱে আৰম্ভ কৰিছিল ‘লুক ইষ্ট পলিচী’৷ এই বিশেষ অভিযানৰ লক্ষ্য আছিল চীনৰ আগ্রাসন ৰোধ আৰু দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ স’তে বাণিজ্যিক সম্পর্ক সুদৃঢ় কৰা৷ পৰৱর্তী সময়ত অসমৰ পৰা ৰাজ্যসভালৈ নির্বাচিত ড০ মনমোহন সিঙে ১০ বছৰ ধৰি দেশৰ প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছিল যদিও লুক ইষ্ট পলিচীৰ মুখ্য উদ্দেশ্য ফলৱতী নহ’ল৷ দক্ষিণ–পূব এছিয়াৰ স’তে বাণিজ্যৰ দুৱাৰ মকুলি কৰিবলৈ ষ্টীল ৱেল পথ মুকলি আৰু সম্প্রসাৰণ প্রকল্পও কাগজতে সীমাবদ্ধ থাকিল৷ ২০১৪ৰ লোকসভা নির্বাচনত অভূতপূর্ব জনাদেশৰ জৰিয়তে দিল্লীৰ ৰাজপাটত অধিষ্ঠিত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লুক ইষ্ট পলিচীৰ ঠাইত নতুনকৈ প্রৱর্তন কৰে এক্ট ইষ্ট পলিচী৷ অসম তথা উত্তৰ–পূর্বাঞ্চলত উদ্যোগ আৰু বাণিজ্যৰ বিকাশ আৰু অঞ্চলটোৰ আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ এক্ট ইষ্ট পলিচীখনত গুৰুত্ব আৰোপ কৰা হৈছে৷ চীনৰ আগ্রাসন আৰু ভাবুকি প্রতিৰোধ কৰিবলৈ বিগত এটা দশকত কেন্দ্রীয় চৰকাৰে কেতবোৰ আঁচনি লৈছে যদিও দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ স’তে বাণিজ্যিক দুৱাৰ মুকলিৰে অর্থনৈতিক বিকাশৰ সম্ভাৱনাৰ দুৱাৰখন এতিয়াও মুকলি হোৱা নাই৷ লক্ষণীয় এয়ে যে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ প্রতি কেন্দ্রীয় চৰকাৰৰ অৱহেলা আৰু বঞ্চনাৰ বিপৰীতে প্রধানমন্ত্রী মোদীয়ে বিগত ১১ বছৰৰ ভিতৰতে অসমবাসীক কেইবাটাও বৃহৎ প্রকল্প উপহাৰ দিছে৷ এনে বৃহৎ প্রকল্পসমূহ এটা দশক পূর্বে অসমবাসীৰ সপোনৰো অগোচৰ আছিল৷
দেশৰ প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হৈ মোদীয়ে ৩৫ বাৰ অসম আৰু ৭৬বাৰ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহ ভ্রমণ কৰি অভিলেখ স্থাপন কৰাই নহয়, অঞ্চলটোৰ বিকাশৰ অনিৰুদ্ধ যাত্রা চলাইছে৷ দেশৰ সর্বাধিক ১৬ বছৰ ২৮৬ দিন প্রধানমন্ত্রীৰ আসনত আছিল পণ্ডিত জৱাহৰলাল নেহৰু৷ ১৬ বছৰৰো অধিক প্রধানমন্ত্রীৰ আসনত থকাৰ সময়ত মাথোঁ তিনিবাৰহে অসম ভ্রমণ কৰিছিল নেহৰুৱে৷ একেদৰে ১৫ বছৰ ৩৫০ দিন প্রধানমন্ত্রীৰ আসনত থকা প্রয়াত ইন্দিৰা গান্ধীয়ে মাথোঁ দুবাৰহে অসম ভ্রমণ কৰিছিল৷ প্রধানমন্ত্রী মোদীৰ ২০ আৰু ২১ ডিচেম্বৰত দুদিনীয়া অসম ভ্রমণ কার্যসূচীও আছিল ৰাজ্যখনৰ বিকাশৰ যাত্রাৰ অংশ৷ ৰাজ্যখনৰ ১৫ হাজাৰ ৬০০ কোটি টকাৰ কেইবাটাও প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছে প্রধানমন্ত্রীগৰাকীয়ে৷ গুৱাহাটী লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানকোঠৰ দ্বিতীয়টো অত্যাধুনিক টার্মিনেল আৰু লোকপ্রিয়ৰ ২৮ ফুট উচ্চতাৰ পূর্ণাৱয়ব আবক্ষ মূর্তি মুকলি কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ নৱনির্মিত টার্মিনেলটো উত্তৰ–পূর্বাঞ্চলৰে নহয়, দেশৰ আটকধুনীয়া টার্মিনেলকেইটাৰো ভিতৰত অন্যতম৷ গুৱাহাটী মাথোঁ অসমৰেই প্রাণকেন্দ্র নহয়, উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ৷ দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ স’তে বাণিজ্যিক আৰু আর্থ–সামাজিক সম্পর্ক সুদীর্ঘ কৰিবলৈ হ’লে নিশ্চিতভাৱে পথ আৰু বিমান যোগাযোগ ব্যৱস্থা সুচল হ’ব লাগিব৷ এটা দশক পূর্বে গুৱাহাটী বিমানকোঠত উৰণ আৰু অৱতৰণ কৰা বিমানৰ সংখ্যা আছিল প্রায় ৬০খন৷ এতিয়া উৰণ–অৱতৰণ কৰা বিমানৰ সংখ্যা দুই শতাধিক হৈছে৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ উন্নয়ন আৰু বিকাশৰ গতি যিমানেই বৃদ্ধি হ’ব সিমানেই গুৱাহাটী বিমানকোঠৰ গুৰুত্ব বৃদ্ধি হ’ব৷ প্রধানমন্ত্রী মোদীয়ে ২১ ডিচেম্বৰত ১০,৬০০ কোটিটকীয়া নামৰূপৰ এম’নিয়া–ইউৰিয়া প্রকল্পৰ ভূমিপূজন কৰিছে৷ ১২.৭ লাখ মেট্রিকটন উৎপাদন ক্ষমতাযুক্ত উক্ত প্রকল্পটোৰ জৰিয়তে দেশৰ কৃষি ক্ষেত্রত বৈপ্লৱিক পৰিৱর্তন হোৱাই নহয়, উদ্যোগীকৰণৰ জৰিয়তে অসমৰ অর্থনৈতিক সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব৷ এই প্রকল্পটোত উৎপাদিত এম’নিয়া আৰু ইউৰিয়া উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহলৈ যোগান ধৰাৰ উপৰি চুবুৰীয়া ভূটান, বাংলাদেশ আৰু দক্ষিণ–পূব এছিয়াৰ দেশসমূহলৈ ৰপ্তানি কৰাৰ সুযোগ লাভ কৰিব৷ ইয়াৰ পূর্বে প্রধানমন্ত্রীগৰাকীয়ে জাগীৰোডৰ ২৭ হাজাৰ কোটিটকীয়া অর্ধপৰিবাহী প্রকল্প আৰু ২২ হাজাৰ কোটিটকীয়া বিনিয়োগেৰে নুমলীগড় বায়’ ইথানল প্রকল্প স্থাপনৰ জৰিয়তে বিকাশৰ অনন্য মাত্রা প্রদান কৰিছে৷ উত্তৰ–পূর্বাঞ্চলৰ বিকাশৰ যাত্রাক ফলৱতী কৰিবলৈ বিগত ১০ বছৰত কেন্দ্রীয় পুঁজিৰ পৰিমাণ লেখত ল’বলগীয়া ধৰণে বৃদ্ধি হৈছে৷ ২০১৪–১৫ বিত্তীয় বর্ষত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বাবে কেন্দ্রীয় বাজেটত নির্ধাৰণ কৰা পুঁজিৰ পৰিমাণ আছিল ২,৩৩২ কোটি টকা৷ ২০২৪–২৫ বর্ষত এই পুঁজিৰ পৰিমাণ বৃদ্ধি হৈছে ৫,৯০০ কোটি টকালৈ৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বিকাশ অবিহনে সমৃদ্ধিশালী ভাৰতৰ সপোন কেতিয়াও পূৰণ নহয়৷ উত্তৰ–পূর্বাঞ্চলৰ বিশেষ উন্নয়নৰ জৰিয়তে দেশে প্রগতিৰ নতুন দিগন্ত স্পর্শ কৰাই নহয়, ২০৪৭ৰ ‘বিকশিত ভাৰত’ৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব৷ এই কথা প্রধানমন্ত্রী মোদীয়ে ভালদৰে বুজি উঠিছে৷

You might also like