নিয়মীয়া বাৰ্তা, বৰভাগ, ২৩ ডিচেম্বৰ : নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বালাগাঁও নিবাসী তথা অসম গণ পৰিষদৰ বৰক্ষেত্ৰী বিধান পৰিষদৰ উপ-সভাপতি, সমাজকৰ্মী বীৰেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আজি পুৱা ৭ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত পৰলোপ্ৰাপ্তি হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ । কালি শাৰীৰিক অসুস্থতা অনুভৱ কৰা চৌধুৰীক প্ৰথমে নলবাৰীলৈ নিয়ে আৰু পিছত গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও আজি পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতাগৰাকী অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল ।
তেওঁ মিলন হাইস্কুল, আৰিকুছিৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ-সভাপতি, আৰিকুছি দুৰ্গাপূজা সমিতিৰ লগতে বহু অনুষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল । তেওঁৰ নশ্বৰ দেহ আজি দিনৰ ভাগত মিলন হাইস্কুল, আৰিকুছিলৈ আনি শ্ৰদ্ধাঞ্জলি জনোৱা হয় । তেওঁৰ নশ্বৰ দেহত মিলন হাইস্কুল, আৰিকুছিৰ বিদ্যালয়প্ৰধান যতীন কুমাৰ বৰুৱা, অৱসৰী শিক্ষক চক্ৰপাণি মহন্ত, আব্দুল আজিজ আহমেদ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমকান্ত শৰ্মা, শিক্ষক বাবুল আলী আহমেদ, সদানন্দ বৈশ্য, বিদ্যালয়খনৰ অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি নৱজিৎ বৈশ্য আৰু বিভিন্ন বিষয়ববীয়া, অসম গণ পৰিষদ দলৰ নলবাৰী জিলা সমিতিৰ সভাপতি আনন্দ ৰাজবংশী, সম্পাদক কনকেশ্বৰ দাস, বৰক্ষেত্ৰী বিধান পৰিষদৰ সভাপতি খগেন্দ্ৰ নাথ মেধি, সম্পাদক জাহিৰ আৱাল চৌধুৰী, অসম যুৱ পৰিষদৰ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ সভাপতি বিকি শৰ্মা, কৃষক পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপ-সভাপতি বিৰাজ বিকাশ দাস, সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ উপ-সভাপতি ফণীধৰ বৰুৱা, দুৰ্গামন্দিৰ স্থায়ী সমিতি, আৰিকুছিৰ সভাপতি প্ৰফুল্ল চক্ৰৱৰ্তীৰ লগতে অসংখ্য গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।
মৃত্যুৰ সময়ত ইহসংসাৰত তেওঁ পত্নীসহ এগৰাকী পুত্ৰ, এগৰাকী বিবাহিত কন্যা তথা বহু গুণমুগ্ধক এৰি যায় ।