নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্দোৰত স্বাস্থ্যকৰ্মীক শিলাবৰ্ষণ কৰা সন্দৰ্ভত ৭ জনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ইন্দোৰত ক’ৰোনা ভাইৰাছত সংক্ৰমিত লোকৰ পৰীক্ষা কৰিবলৈ যোৱা স্বাস্থ্য কৰ্মীক শিল দলিয়াই হত্যাৰ চেষ্টা কৰা ঘটনা সন্দৰ্ভত ইতিমধ্যে ৭ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ইপিনে আৰক্ষীয়ে এই সন্দৰ্ভত জড়িত আন লোকসকলক ভিডিঅ’ ফুটেজৰ জৰিয়তে চিনাক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

চাফাৰা আৰক্ষী অধিক্ষক ডিকে টিৱাৰীয়ে কয় যে এই সাতজন অভিযুক্তক চিচিটিভি ফুটেজৰ সহায়ত গ্ৰেপ্তাৰ কৰা হৈছে ।

গ্ৰেপ্তাৰ হোৱা অভিযুক্তকেইটা

উল্লেখ্য যে ইন্দোৰৰ টাটপাত্তী বাখাল অঞ্চলত বুধবাৰে ক’ৰোনা ভাইৰাছত সংক্ৰমিত লোকৰ পৰীক্ষা কৰিবলৈ যোৱা স্বাস্থ্য কৰ্মীক একাংশ লোকে শিল দলিয়াই হত্যাৰ চেষ্টা কৰিছিল । আৰু তাৰ পাছতে স্বাস্থ্যকৰ্মীকেইজনে আৰক্ষীৰ কাষ চাপি এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল । এই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

এই ঘটনাটো সংঘটিত হোৱাৰ পাছত ভাইৰেল হোৱা ভিডিঅ’টো –

You might also like