নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত পৰাজয়ৰ পিছত কংগ্ৰেছৰ CWC বৈঠক, একচন প্লেনত সৰ্বাধিক গুৰুত্ব

দিল্লীত আজি শনিবাৰে (২৭ ডিচেম্বৰ) কংগ্ৰেছ ৱৰ্কিং কমিটী (CWC)-ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ সভাপতি ছোনিয়া গান্ধী আৰু লোকসভাত বিৰোধী দলৰ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত এই বৈঠক আয়োজন কৰা হৈছে।

কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিং ইতিমধ্যে উপস্থিত হৈছে। ইয়াৰ উপৰি, এই বৈঠকত অংশ ল’বলৈ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুও দিল্লীত উপস্থিত হৈছে। কংগ্ৰেছৰ সৰ্বোচ্চ নীতি-নিৰ্ধাৰণকাৰী এই বৈঠকত দেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰা হ’ব। ইয়াৰ লগতে কেন্দ্ৰীয় মোদী চৰকাৰে মনৰেগাৰ নাম পৰিবৰ্তন কৰা বিষয়টোও আলোচনা হোৱাৰ সম্ভাৱনা আছে। দেশৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো বিস্তৃতভাৱে মত-বিনিময় কৰা হ’ব।

এই CWC বৈঠকত ছত্তিশগড়ৰ প্ৰভাৰী সাধাৰণ সম্পাদক শচীন পাইলটৰ লগতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াও অংশগ্ৰহণ কৰিবলৈ আহিছে। ইয়াৰ উপৰি উত্তৰ প্ৰদেশৰ প্ৰভাৰী সাধাৰণ সম্পাদক অৱিনাশ পাণ্ডে, তেলেংগানাৰ প্ৰভাৰী মীনাক্ষি নটৰাজন, ৰাজস্থানৰ প্ৰভাৰী সুখজিন্দৰ সিং ৰন্ধাৱা, কংগ্ৰেছৰ যোগাযোগ বিভাগৰ প্ৰভাৰী সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ আৰু হাৰিয়ানাৰ প্ৰভাৰী বি কে হৰিপ্ৰসাদো এই বৈঠকত অংশ ল’বলৈ দিল্লীত উপস্থিত হৈছে।

ইয়াৰ লগতে বিভিন্ন ৰাজ্যৰ প্ৰদেশ কংগ্ৰেছ কমিটী (PCC)-ৰ সভাপতিসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বিহাৰ নিৰ্বাচনত পৰাজয়ৰ পাছত এইখনেই কংগ্ৰেছ ৱৰ্কিং কমিটীৰ প্ৰথম বৈঠক। তদুপৰি ২০২৬ চনত অসম, কেৰালা, পশ্চিমবংগ, তামিলনাডু আৰু পুডুচেৰীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ ৰণনীতিৰ ওপৰত আলোচনা হোৱাৰো সম্ভাৱনা আছে।

কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এই গুৰুত্বপূৰ্ণ বৈঠকত চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ একশ্যন প্লেন সন্দৰ্ভত আলোচনা কৰা হ’ব। ইয়াৰ উপৰি মনৰেগাৰ ঠাইত প্ৰৱৰ্তন কৰা নতুন আইন ‘বিকাশশীল ভাৰত-গেৰাণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ)’ অৰ্থাৎ VB-G RAM-JI আইনখনৰ বিৰুদ্ধেও কৌশল প্ৰস্তুত কৰা হ’ব। সূত্ৰ অনুসাৰে, এই বিষয়ত কংগ্ৰেছ নেতাসকলে এখন ৰাষ্ট্ৰব্যাপী আন্দোলনৰ ৰূপৰেখা প্ৰস্তুত কৰিব পাৰে।

ডিজিটেল ডেস্ক, ২৭ ডিচেম্বৰ

You might also like